নতুন দিল্লী, ১৯ জুন (হি.স.)। দেশৰ চাৰিখন ৰাজ্যৰ ৫খন বিধানসভাৰ আসনত আজি পুৱাৰে পৰা ভোটগ্ৰহণ আৰম্ভ হয়। এই পাঁচোখন আসনত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে। এই আসনসমূহ হ’ল – কেৰালাৰ নীলাম্বুৰ, পঞ্জাৱৰ লুধিয়ানা পশ্চিম, পশ্চিম বংগৰ কালিগঞ্জ, গুজৰাটৰ বিছাৱদাৰ আৰু কাডি। এই সকলোবোৰ আসনৰ ভোট গণনা ২৩ জুনত কৰা হ’ব।
নিৰ্বাচন আয়োগৰ বিষয়াসকলৰ মতে, পশ্চিম বংগৰ কালিগঞ্জ উপ-নিৰ্বাচনৰ পূৰ্বে এটা ভোটগ্ৰহণ কেন্দ্ৰত ম’ক প’লিং কৰা হৈছিল। এই আসনত তৃণমূল কংগ্ৰেছৰ পৰা আলিফা আহমেদ, ভাৰতীয় জনতা পাৰ্টিৰ পৰা আশীষ ঘোষ আৰু কংগ্ৰেছৰ পৰা কবিল উদ্দিন শ্বেখক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে বিগত ২৫ মে’ত চাৰিখন ৰাজ্যৰ ৫খন বিধানসভাৰ আসনত উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
