• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক ক্ৰ’ৱেচিয়া ভ্ৰমণ, দ্বিপাক্ষিক সম্পৰ্কই লাভ কৰে নতুন গতি
International

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক ক্ৰ’ৱেচিয়া ভ্ৰমণ, দ্বিপাক্ষিক সম্পৰ্কই লাভ কৰে নতুন গতি

CliQ INDIA
Last updated: June 19, 2025 3:11 pm
CliQ INDIA
Share
2 Min Read
SHARE

জাগ্ৰেব, ১৯ জুন (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে জাগ্ৰেবৰ ঐতিহাসিক বান্সস্কি দ্বোৰী প্ৰাসাদত ক্ৰ’ৱেচিয়াৰ প্ৰধানমন্ত্ৰী আন্দ্ৰাজ প্লেংকভিচক সাক্ষাৎ কৰে। এয়া ভাৰতৰ কোনো প্ৰধানমন্ত্ৰীৰ ক্ৰ’ৱেচিয়ালৈ প্ৰথম আনুষ্ঠানিক ভ্ৰমণ, যিয়ে দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰী মোদী ক্ৰ’ৱেচিয়াত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী প্লেংকভিচে নিজেই বিমানবন্দৰলৈ গৈ তেওঁক উষ্ম আদৰণি জনায়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডীক এক ভৱ্য আনুষ্ঠানিক আদৰণি অনুষ্ঠানত গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।

বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ, বিজ্ঞান আৰু প্ৰযুক্তি, প্ৰতিৰক্ষা, সংস্কৃতি আৰু শিক্ষা আদি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা গভীৰ কৰাৰ ওপৰত গভীৰ আলোচনা কৰে। আন্তঃগাঁথনি, বন্দৰ, ডিজিটেলাইজেশ্যন, কৃত্ৰিম বুদ্ধিমত্তা (এআই), ফাৰ্মা, নবীকৰণযোগ্য শক্তি আৰু পৰ্যটন আদি ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে এক চুক্তিত উপনীত হয়।

ভাৰতৰ দক্ষ মানৱ সম্পদ ক্ষমতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে গতিশীলতা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত প্ৰতিষ্ঠানিক সহযোগিতাৰ পৰামৰ্শ আগবঢ়ায়। ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ (আইএমইইচি)ৰ অধীনত সংযোগ বৃদ্ধিৰ বাবেও দুয়োখন দেশে সন্মতি প্ৰকাশ কৰে।

আলোচনাৰ সময়ত ৰাষ্ট্ৰসংঘ আৰু বিশ্বৰ প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ, জলবায়ু পৰিৱৰ্তন আৰু সন্ত্ৰাসবাদ আদি বিষয়ৰ ওপৰত মত বিনিময় কৰা হয়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ক্ৰ’ৱেচিয়াক সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰতে ধন্যবাদ জ্ঞাপন কৰে।

এই উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত কৃষি খণ্ডত সহযোগিতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৱেষণা সহযোগিতা, সংস্কৃতিৰ ক্ষেত্ৰত অংশীদাৰিত্ব আৰু ক্ৰ’ৱেচিয়াত হিন্দী চকী নবীকৰণৰ ওপৰত চাৰিটা গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

একে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ক্ৰ’ৱেচিয়াত যোগপ্ৰেমীসকলক সম্ভাষণ জনাই দুয়োখন দেশৰ সভ্যতামূলক অংশীদাৰিত্বৰ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে ১৯৯২ চনত ভাৰত আৰু ক্ৰ’ৱেচিয়াৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন হৈছিল। এই ঐতিহাসিক ভ্ৰমণে দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্কত নতুন শক্তি আৰু বিশ্বাসৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

যুদ্ধৰ মাজতে হামাছে মুকলি কৰিলে ২৫ জন পণবন্দী, ইজৰাইলী পণবন্দীক ৰেড ক্ৰছক অৰ্পন
এইবাৰ ফ্ৰান্সতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ, লেকৰ্ণুৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ
বক্সিং কিংবদন্তি জৰ্জ ফৰমেনৰ ৭৬ বছৰ বয়সত মৃত্যু | BulletsIn
ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ বাবে ৫ কোটি ডলাৰৰ পুৰস্কাৰৰ আগবঢ়াইছে আমেৰিকাই
পুনৰবাৰ ৰাষ্ট্ৰপতি পদৰ দৌৰত পুটিন, ২০৩০ চনলৈকে ক্ষমতাত থাকিবলৈ প্ৰস্তুতি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আৰম্ভণিৰ ব্যৱসায়ত শ্বেয়াৰ বজাৰত সামান্য লাভ, চেন্সেক্স আৰু নিফটি সুস্থিৰ
Next Article দেশৰ চাৰিখন ৰাজ্যৰ পাঁচখন বিধানসভাৰ আসনত উপ-নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?