হাজোত সংঘটিত এক আশ্চৰ্যজনক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চকামতলীত এটি পুখুৰী খননৰ সময়ত বৃহৎ আকাৰৰ কংকাল উদ্ধাৰ হোৱা খবৰ বিয়পি পৰাৰ লগে লগে কৌতূহলী ৰাইজ উপস্থিত হয়। এই ঘটনাই বহু ধৰণৰ অনুমান আৰু তৰ্কৰ জন্ম দিছে।
BulletsIn
-
হাজোৰ চকামতলীত এটি পুখুৰী খননৰ সময়ত বৃহৎ আকাৰৰ কংকাল উদ্ধাৰ হয়।
-
এই খবৰ চাউৰিখিনিৰ দৰে বিয়পি পৰাৰ লগে লগে বহু মানুহ ঘটনাস্থলীত উপস্থিত হয়।
-
স্থানীয় ৰাইজৰ মাজত নানা ধৰণৰ কৌতুহল আৰু সন্দেহ জন্মে।
-
কেইবাজনো প্রত্যক্ষদৰ্শীয়ে কংকালৰ আকাৰ দেখি একে হাতীৰ হাড় হ’ব পাৰে বুলি অনুমান কৰে।
-
আনহাতে, একাংশ লোকে এই কংকাল ডাইনোচৰৰ হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে।
-
খবৰ পোৱাৰ লগে লগে হাজো আৰক্ষী, বন বিভাগ আৰু পশু চিকিৎসক ঘটনাস্থলীত উপস্থিত হয়।
-
বন বিভাগৰ কৰ্মচাৰীয়ে এই দায়িত্ব বন বিভাগৰ অধীনত নপৰে বুলি কৈ আঁতৰি যায়।
-
পশু চিকিৎসকে উদ্ধাৰ হোৱা হাড়খিনি হাজো পশু চিকিৎসালয়লৈ লৈ যায়।
-
এই ঘটনা সন্দৰ্ভত এতিয়ালৈকে নিশ্চিত তথ্য পোৱা হোৱা নাই।
-
ঘটনাটোৰ সম্পৰ্কে অধিক তথ্য লাভৰ বাবে তদন্ত চলি আছে।
