দৰঙৰ দলগাঁও গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক কুশল মেধি চি এম ভিজিলেঞ্চৰ দলে ঘোচ লোৱাৰ অভিযোগত হাতে লোটে আটক কৰিছে। দলগাঁও গাঁওৰক্ষী বাহিনীৰ এই ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। দোকান এখনৰ ভিতৰত ঘোচ লোৱাৰ সময়তে তেওঁক দূৰ্নীতি নিবাৰণ শাখাই ধৰে। ঘটনা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূর্ণ তথ্য সঘনাই উন্মোচিত হৈছে।
