ডিব্ৰুগড়ৰ টিংখাঙত গ্ৰীষ্মকালীন ‘ভাওনা প্ৰশিক্ষণ’ ৰ আজি সফল সামৰণি পৰে। উঠি অহা প্ৰজন্মক গুৰু দুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিয়ে ভাওনা কৰ্মশালা খনিৰ উদ্যোগ গ্ৰহণ কৰে। এই প্ৰশিক্ষণৰ মূল লক্ষ্য আছিল ছাত্ৰ ছাত্ৰীক ভাওনা সংস্কৃতিৰ আভাস দিয়াৰ লগতে এই পৰম্পৰা আগুৱাই নিবলৈ উৎসাহিত কৰা।
BulletsIn
- টিংখাঙত গ্ৰীষ্মকালীন ‘ভাওনা প্ৰশিক্ষণ’ৰ সফল সামৰণি।
- উঠি অহা প্ৰজন্মক ভাওনা সংস্কৃতিৰ সৈতে পৰিচয় দিয়াৰ মানসেৰে উদ্যোগ গ্ৰহণ।
- টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিৰ উদ্যোগত ভাওনা কৰ্মশালা।
- টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত।
- প্ৰশিক্ষণ কাৰ্যসূচী ২ জুলাইৰ পৰা আৰম্ভ হয়।
- প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে বিকাশ বৰুৱা আৰু সৌৰভ চুতীয়াই।
- গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীক ভাওনা সংস্কৃতিৰ আভাস দিবলৈ আয়োজন।
- মুখ্য প্ৰশিক্ষক বিকাশ বৰুৱাই টিংখাং আঞ্চলিক ৰাস উদযাপন সমিতিৰ প্ৰচেষ্টাৰ শলাগ লয়।
- কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীয়ে ভৱিষ্যতে ভাওনা সংস্কৃতিক আগুৱাই নিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ।
- ভাওনা সংস্কৃতিৰ পৰম্পৰা আগুৱাই নিবলৈ প্ৰশিক্ষণৰ মূল লক্ষ্য।
