গোলাঘাট। গোলাঘাট জিলাৰ দেৰগাঁৱৰ এখন ঐতিহ্যমণ্ডিত গাঁও মিছামৰাৰ দুলীয়া গাঁৱত শিশু ভাওনাৰ আয়োজন কৰা হৈছে। পূৰ্বৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনত এক বিশেষ নাম আছে এই গাঁওখনৰ । গাঁওখনৰ তিনিশ বছৰ গৰকা বৰনামঘৰৰ চত্ৰছাঁয়াতে গাঁওখনত পৰম্পৰা অক্ষুণ্ণ ৰাখি চৰ্চা চলি আহিছে অসমীয়া লোকসংস্কৃতিৰ লগতে শঙ্কৰী কলা কৃষ্টিৰ চৰ্চা ।
নৱপ্ৰজন্মৰ মাজত সংস্কৃতি জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে গাঁও বাসীয়ে । এইবাৰো ইতিমধ্যেই আৰম্ভ কৰিছে কনকন শিশুসকলৰ দ্বাৰা ভাওনা পৰিৱেশনৰ প্ৰচেষ্টা। গায়ন-বায়নৰ পৰা আৰম্ভ কৰি অভিনেতা অভিনেত্ৰীলৈকে সকলোৱে কন কন শিশুৰ দ্বাৰাই অনুষ্ঠিত কৰিছে গাঁওবাসীয়ে। ৰাৱনৰ মুক্তিলাভ নামৰ এভাগি ভাওনা অহা ২৬ মে’ত কনমানি সকলৰ দ্বাৰা পৰিৱেশিত হ”ব গাঁওখনৰ নাট্যশালাত । পূৰ্ণগতিত চলিছে নাটখনৰ আখৰা। দুলীয়া গাঁওবাসীৰ এই প্ৰচেষ্টাৰ ফলতে গাঁওখনত এতিয়াও পূৰ্বৰদৰেই অক্ষত অৱস্থাত আছে সাংস্কৃতিক পৰিৱেশ।
