নতুন দিল্লী। কংগ্ৰেছ দলে আজি উত্তৰ প্ৰদেশৰ ৰায়বৰেলী আৰু আমেথি সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰে। কংগ্ৰেছৰ বিবৃতি অনুসৰি এইবাৰ ৰাহুল গান্ধীয়ে ৰায়বৰেলীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। কংগ্ৰেছে আমেথিৰ পৰা কিশোৰী লাল শৰ্মাক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।
উল্লেখযোগ্য যে ৰাহুলে ইয়াৰ পূৰ্বে কেৱল আমেথিৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ২০০৪ চনত প্ৰথমবাৰৰ বাবে আমেথিৰ পৰা নিৰ্বাচনত জয়ী হৈছিল। ইয়াৰ পিছত একেৰাহে তিনিবাৰ আমেথিৰ পৰা নিৰ্বাচিত হৈ লোকসভাত উপস্থিত হয়। অৱশ্যে ২০১৯ চনত আমেথিত বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। সৌভাগ্যৰ কথা যে ৰাহুলে কেৰালাৰ ৱায়ানাদৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ পৰাই জয়ী হৈছিল।
সাতটা পৰ্যায়ৰ সাধাৰণ নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত অহা ২০ মে’ত ৰায়বৰেলী আৰু আমেথিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। দীৰ্ঘদিন ধৰি এই দুয়োখন আসন পৰম্পৰাগতভাৱে নেহৰু-গান্ধী পৰিয়ালৰ সদস্যৰ হাতত আছিল। এইবাৰো বিজেপিয়ে আমেথিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীক প্ৰক্ষেপ কৰিছে। ২০১৯ চনত ৰায়বৰেলীৰ পৰা ছোনিয়া গান্ধীয়ে জয়লাভ কৰিছিল। এইবাৰ আমেথিৰ পৰা প্ৰিয়ংকা গান্ধী ভাদ্ৰাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা চৰ্চা হৈ আহিছিল। কিন্তু কংগ্ৰেছে ইয়াৰ পৰাই শৰ্মাক টিকট দি প্ৰিয়ংকাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ জল্পনা-কল্পনাৰ অন্ত পেলায়।
