চলি থকা উচ্চ মুদ্ৰাস্ফীতিৰ হাৰৰ প্ৰতি সঁহাৰি জনাই ফেডাৰেল ৰিজাৰ্ভে নিজৰ বেঞ্চমাৰ্ক ঋণৰ হাৰ ৫.২৫-৫.৫০ শতাংশত ৰখাৰ পথ বাছি লৈছে, যিটো ২৩ বছৰৰ সৰ্বোচ্চ। বুধবাৰে ঘোষণা কৰা এই সিদ্ধান্তৰ পিছতে শেহতীয়াকৈ প্ৰকাশ পোৱা অৰ্থনৈতিক প্ৰতিবেদন অনুসৰি মুদ্ৰাস্ফীতিৰ হ্ৰাস আশা কৰাতকৈ লেহেমীয়া হৈছে।
দুদিনীয়া নীতি বৈঠকৰ পিছত সংবাদমেলত ভাষণ দি ফেডৰ অধ্যক্ষ জেৰ’ম পাৱেলে মন্তব্য কৰে যে মুদ্ৰাস্ফীতিই লক্ষ্য বহু পৰিমাণে অতিক্ৰম কৰি আছে। জেৰম পাৱেলে কয় যে, “মুদ্ৰাস্ফীতি এতিয়াও অতি বেছি, আৰু ইয়াক তললৈ নমাই অনাৰ ক্ষেত্ৰত অধিক অগ্ৰগতি নিশ্চিত নহয়। তেওঁ জোৰ দি কয় যে মুদ্ৰাস্ফীতি ২ শতাংশৰ লক্ষ্য হাৰৰ কাষ চাপি অহাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় বেংকে বৰ্তমানৰ হাৰ “যিমান দিনলৈকে উপযুক্ত” স্থিৰ কৰি ৰাখিবলৈ সাজু।
যদিও ফেডৰ পছন্দৰ মুদ্ৰাস্ফীতি সূচকাংক ২০২২ চনত ৭.১ শতাংশৰ শীৰ্ষৰ পৰা ২.৭ শতাংশলৈ হ্ৰাস পাইছে, তথাপিও ই লক্ষ্যৰ ওপৰত আছে। জেৰম পাৱেলে ইংগিত দিয়ে যে জুন মাহত হ’বলগীয়া পৰৱৰ্তী বৈঠকত হাৰ বৃদ্ধিৰ সম্ভাৱনা কম হ’লেও ভৱিষ্যতে হাৰৰ সালসলনি অহা অৰ্থনৈতিক তথ্যৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰিব।
এই ঘোষণাই আমেৰিকাৰ শ্বেয়াৰ বজাৰত প্ৰভাৱ পেলাইছিল, এছ এণ্ড পি ৫০০ প্ৰথম অৱস্থাত ১.২ শতাংশ বৃদ্ধি পাইছিল আৰু তাৰ পিছত ০.৩ শতাংশ হ্ৰাস পাইছিল। ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহে মিশ্ৰিত সঁহাৰি দেখুৱাইছে, লণ্ডনৰ এফ টি এছ ই ১০০ আৰু জাপানৰ নিকেই ২২৫ৰ হ্ৰাস পঞ্জীয়ন কৰিছে।
এই সিদ্ধান্তই মুদ্ৰানীতিৰ অকালতে পৰিৱৰ্তন নকৰাকৈ মুদ্ৰাস্ফীতি পুনৰ আকাংক্ষিত স্তৰলৈ সুস্থিৰ হোৱাটো নিশ্চিত কৰাৰ দিশত ফেডৰ সতৰ্ক পন্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
For more updates follow our Whatsapp
and Telegram Channel ![]()
