• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > দেশৰ ২৬ নং নৌসেনাৰ মুৰব্বীৰূপে ভাইচ এডমিৰেল দীনেশ ত্ৰিপাঠীৰ দায়িত্ব গ্ৰহণ
National

দেশৰ ২৬ নং নৌসেনাৰ মুৰব্বীৰূপে ভাইচ এডমিৰেল দীনেশ ত্ৰিপাঠীৰ দায়িত্ব গ্ৰহণ

CliQ INDIA
Last updated: May 1, 2024 11:59 am
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ৩০ এপ্ৰিল। ভাইচ এডমিৰেল দিনেশ কে. ত্ৰিপাঠীয়ে মঙলবাৰে নতুন দিল্লীত দেশৰ ২৬ সংখ্যক নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত পুস্প অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি আগবঢ়ায়। চাউথ ব্লকত গাৰ্ড অৱ অনাৰৰ পিছত তেওঁ বিদায়ী নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰৰ পৰা দায়িত্ব লয়।

কেন্দ্ৰীয় চৰকাৰে যোৱা ১৯ এপ্ৰিলত ভাইচ এডমিৰেল দিনেশ কে. ত্ৰিপাঠীক ভাৰতীয় নৌসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে নিযুক্তি দিছিল। বৰ্তমান তেওঁ নৌসেনাত নৌসেনাৰ ভাইচ চিফ অৱ ষ্টাফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ২০২১ চনৰ ৩০ নৱেম্বৰত দেশৰ ২৫ সংখ্যক নৌসেনাৰ মুৰব্বী হিচাপে দায়িত্ব লোৱা এডমিৰেল আৰ হৰি কুমাৰে ৩০ এপ্ৰিলৰ বিয়লি অৱসৰ গ্ৰহণ কৰে। সেয়েহে আজিয়েই ভাইচ এডমিৰেল ত্ৰিপাঠীয়ে নৌসেনাৰ নতুন মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে তেওঁক চাউথ ব্লকত গাৰ্ড অৱ অনাৰ দিয়া হৈছিল। পৰম্পৰা অনুসৰি তেওঁ ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতিসৌধত এটি পুস্পাঞ্জলি অৰ্পন কৰি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় নৌসেনাৰ নতুন মুৰব্বী হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ মাতৃ ৰজনী ত্ৰিপাঠীৰ পৰা আশীৰ্বাদ লৈছিল।

ভাইচ এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীক ১৯৮৫ চনৰ ০১ জুলাইত ভাৰতীয় নৌসেনাৰ কাৰ্যবাহী শাখাত নিযুক্তি দিয়া হয়। এতিয়ালৈকে তেওঁ নৌসেনাত প্ৰায় ৩৯ বছৰ ধৰি বিশিষ্ট সেৱা আগবঢ়াইছে। যোগাযোগ আৰু ইলেক্ট্ৰনিক যুদ্ধত তেওঁৰ বিশেষজ্ঞতা আছে। নৌসেনাৰ ভাইচ চিফ হিচাপে দায়িত্ব লোৱাৰ পূৰ্বে তেওঁ পশ্চিম নৌসেনাৰ কমাণ্ডৰ ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতক পৰম বিশিষ্ট সেৱা পদক, অতি বিশিষ্ট সেৱা পদক আৰু নৌসেনাৰ পদকেৰে সন্মানিত কৰা হৈছে।

ভাইচ এডমিৰেল ডি কে ত্ৰিপাঠীয়ে ভাৰতীয় নৌসেনাৰ জাহাজ বিনাশ, কিৰ্চ আৰু ত্ৰিশুলৰ কমাণ্ড গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও তেওঁ বিভিন্ন গুৰুত্বপূৰ্ণ অপাৰেচনেল আৰু ষ্টাফ নিযুক্তি লাভ কৰিছে, য’ত আছে অপাৰেচন অফিচাৰ ৱেষ্টাৰ্ণ ফ্লীট, নৌসেনাৰ সঞ্চালক, নতুন দিল্লীৰ নেটৱৰ্ক কেন্দ্ৰিক অপাৰেচনৰ প্ৰধান সঞ্চালক আৰু নৌ পৰিকল্পনাৰ প্ৰধান সঞ্চালক। ৰিয়াৰ এডমিৰেল হিচাপে তেওঁ নৌসেনাৰ সহকাৰী মুৰব্বী (নীতি আৰু পৰিকল্পনা) আৰু ফ্লেগ অফিচাৰ কমাণ্ডিং ইষ্টাৰ্ণ ফ্লীট হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।

ভাইচ এডমিৰেল পদবীত তেওঁ প্ৰতিষ্ঠিত ভাৰতীয় নৌসেনা একাডেমী, এজিমালাৰ কমাণ্ডেণ্ট, নৌ অভিযানৰ সঞ্চালক প্ৰধান, পশ্চিম নৌসেনাৰ কমাণ্ডৰ মুখ্য কৰ্মী আৰু ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰেৱাৰ সৈনিক স্কুল আৰু নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰাক্তন ছাত্ৰ ভাইচ এডমিৰেল দিনেশ কুমাৰ ত্ৰিপাঠীয়ে ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচেছ ষ্টাফ কলেজ, কৰঞ্জাৰ নেভাল হাইয়াৰ কমাণ্ড পাঠ্যক্ৰম আৰু আমেৰিকাৰ ইউনাইটেড ষ্টেটছ নেভাল ৱাৰ কলেজৰ নেভাল কমাণ্ড কলেজত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।

You Might Also Like

ইছৰোৰ বিশেষ সফলতা, যোগাযোগ উপগ্ৰহৰ সফল উৎক্ষেপণ
কংগ্ৰেছৰ সভাপতিৰ মৃত্যু বাৰ্ষিকীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অৱদানৰ সোঁৱৰণ
কানাড়া জিলাৰ ধৰ্মস্থল গাঁৱত শ শ মৃতদেহ সমাধিস্থ কৰাৰ উৰাবাতৰি প্ৰচাৰ কৰোতা গ্ৰেপ্তাৰ
‘টু মাচ্চ কৰাপচন’ৰ দল হৈ পৰিছে টিএমচিঃ বিজেপি
খাৰ্গে মহিলা সংৰক্ষণক সমৰ্থন করে, ৰাজনৈতিক মতবিৰোধত সীমা নির্ধাৰণ পদক্ষেপক বিৰোধ করে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সাপটগ্ৰামত মাৰণাস্ত্ৰসহ তিনিজন ব্যক্তি আটক
Next Article হাজো-শুৱালকুছি সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী দ্বীপ বায়নৰ জোৰদাৰ প্ৰচাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?