নতুন দিল্লী, ২৯ এপ্ৰিল। ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দুখন ৰাজ্য কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ চলাব। সাধাৰণ নিৰ্বাচনত বিজেপিৰ হৈ জোৰদাৰ প্ৰচাৰ, ৰাজহুৱা সভা আৰু ৰোড শ্ব’ কৰি থকা প্ৰধানমন্ত্ৰী মোদীয়ে ৪০০ পাৰ হোৱাৰ সংকল্প সাধনৰ বাবে ভোটাৰৰ পৰা আশীৰ্বাদ বিচাৰিব। বিজেপিয়ে আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী ভ্ৰমণৰ সূচী এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
বিজেপিৰ এক্স হেণ্ডেল অনুসৰি আজি দিনৰ ১২.১৫ বজাত কৰ্ণাটকৰ বাগালকোটত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমে বিজেপিৰ ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পৰা প্ৰধানমন্ত্ৰী মহাৰাষ্ট্ৰলৈ ৰাওনা হ’ব। তেওঁ প্ৰথমে মহাৰাষ্ট্ৰৰ সোলাপুৰবাসীৰ ওচৰলৈ যাব। দিনৰ ২:১৫ বজাত সোলাপুৰত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সতৰাত উপস্থিত হ’ব। ইয়াত তেওঁৰ ৰাজহুৱা সভা সন্ধিয়া ৪:৩০ বজাত অনুষ্ঠিত হ’ব। অৱশেষত প্ৰধানমন্ত্ৰী মোডীয়ে পুনেত উপস্থিত হ’ব। সন্ধিয়া ৬.৩০ বজাত ভাৰতীয় জনতা পাৰ্টিৰ বিশাল ৰাজহুৱা সভাত তেওঁ ভাষণ দিব।
মুম্বাই ব্যুৰোৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰকান্ত পাটিলে প্ৰধানমন্ত্ৰী মোডীৰ ৰাজহুৱা সভাত দুই লাখ লোক সমবেত হ’ব বুলি কৈছে। এই ৰাজহুৱা সভাত মুখ্যমন্ত্রী একনাথ শিন্দে, উপ-মুখ্যমন্ত্রী অজিত পাৱাৰ (এন চি পি শিণ্ডে ফৈদ), উপ-মুখ্যমন্ত্রী দেৱেন্দ্র ফদনবিছকে ধৰি বহু নেতাই অংশগ্রহণ কৰিব৷ লগতে উপস্থিত থাকিব মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰেৰ পুত্ৰ অমিত। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্ণাটক ভ্ৰমণৰ প্ৰথম দিনা দেওবাৰে বেলাগাৱী, উত্তৰ কানাড়া, দৱংগেৰে আৰু বেলাৰীত চাৰিখনকৈ ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। মহাৰাষ্ট্ৰত ৪৮খন আৰু কৰ্ণাটকত ২৮খন লোকসভা আসন আছে। প্ৰধানমন্ত্ৰীৰ ৪০০ অতিক্ৰম কৰাৰ সংকল্প লৈ নিৰ্বাচনী যুদ্ধত প্ৰৱেশ কৰা বিজেপিয়ে তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিবলৈ অশেষ চেষ্টা কৰিছে। দেশৰ প্রতিখন ৰাজ্যতে প্রচাৰ অভিযানত ব্যস্ত হৈ আছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী৷
