কামৰূপ। ১০০ বছৰ পূৰণি বাহুৱাল ডেকাৰ ৰচী টনা আৰু হাইদুদু খেল ।পলাশবাৰী সমষ্টিৰ আমত”লা সত্ৰত পৰম্পৰাগতভাৱে চলি অহা সুঁৱৰি উৎসৱ উপলক্ষে মঙ্গলবাৰে ৰাইজে চতুৰ্ভুজ বিগ্ৰহ বিশাল শোভাযাত্ৰা কৰি সুঁৱৰি পথাৰত স্থাপন কৰে ।
প্ৰায় ১০০ বছৰ পূৰণি সুঁৱৰি উৎসৱটোৰ লগত সংগতি ৰাখি আবেলিৰ পৰা সন্ধিয়ালৈকে আয়োজন কৰা হয় বাহুৱাল ডেকাৰ ৰচী টনা আৰু হাইদুদু খেল । হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই খেল দুখন চাবলৈ দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ লোক উপস্থিত হয় । ৰচীটনা খেলত প্ৰথম স্থান অধিকাৰ কৰে চুলিকটাৰ পংকজ কলিতাৰ দল আৰু দ্বিতীয় স্থান অধিকাৰ কৰে ২ নং জীয়াকুৰৰ কলহীপৰীয়া দলে । বাহুৱাল ডেকাৰ হাইদুদু খেলত প্ৰথম স্থান অধিকাৰ কৰে পলাশবাৰী ধনমণি কুমাৰে আৰু দ্বিতীয় স্থান অধিকাৰ কৰে চুলিকটাৰ জিয়াৰুল হকে ।
উল্লেখ্য যে নিশা ৮ বজাত পুনৰ চতুৰ্ভুজ বিগ্ৰহ মন্দিৰলৈ স্থাপনৰ বাবে নিয়া হয় । সুঁৱৰি উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা আমত”লা সত্ৰৰ ৰঙালী বিহুৰ এইবেলি প্ৰাক সোণালী জয়ন্তী বৰ্ষ।
