নলবাৰী, । নলবাৰীত দুৰ্ঘটনাত পতিত হৈছে বিহুৱা দলৰ বাহন এখন। মহানগৰীৰ নাৰেংগীৰ পৰা নলবাৰীলৈ আহিছিল বিহুৰ দলটো। এই ঘটনাত আহত হয় বিহু দলৰ বিহুৱা আৰু নাচনী। আহত সকলক নিশাই নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পাছত প্ৰাথমিক চিকিৎসা গ্ৰহণ কৰি ঘৰমুৱা হৈছে বিহুৱা দলটো।
ঠিকাদাৰৰ হেমাহীৰ বাবে নলবাৰীৰ ঘগ্ৰাপাৰৰ বড়িগাঁৱত সংঘটিত হল এই দুৰ্ঘটনা। অভিযোগ মতে, জলজীৱন মিছন আঁচনিৰ পাইপ পুতি অন্তৰ্ধান হোৱা ঠিকাদাৰৰ হেমাহিৰ বাবে নিশা নলবাৰীৰ বড়িগাঁৱত দুৰ্ঘটনাগ্ৰস্থ হ’ল বিহুৱা দলৰ ট্ৰেভেলাৰ গাড়ী খন।
