ওদালগুৰি, : ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ডিমাকুছি বগৰীতলত আয়োজন কৰা ৰঙালী বিহু আৰু দেউল উৎসৱৰ সফল সামৰণি পৰে ৷ বগৰীতল যুৱক সংঘৰ সৌজন্যত অনুষ্ঠিত ৰঙালী বিহু আৰু দেউল উৎসৱত বিহু, বৈছাগু, খেৰাই, কৃষ্টিদল, কোচৰাজবংশী নৃত্য, ঝুমুৰ নৃত্য, চেমনীয়া বিহু আদি প্ৰদৰ্শিত হয় ৷ যোৱাকালি শুকুৰবাৰে দুপৰীয়াৰ ভাগত অনুষ্ঠিত হোৱা দেউল উৎসৱত মহিলা ওজাপালি দ’লে দৰ্শকক আপ্লুত কৰে ৷
সাধাৰণতে পুৰুষে গোৱা ওজাপালিহে দৰ্শকে প্ৰত্যক্ষ কৰি আহিছিল ৷ ওজাপালি মহিলা হোৱা হেতুকে দৰ্শকক বিশেষ ভাবে আপ্লুত কৰে । বিহু চাবলৈ উপস্থিত হয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ৷ ইয়াৰ পূৰ্বে ৰঙাফিটা কাটি বিহুতলীত উদ্ধোধন কৰে এছডিপিও দুৰ্গা কিংকৰ শৰ্মাই ৷ বিহু চাবলৈ ওলাই আহিল অঞ্চলটোত বসবাস কৰা হিন্দু, বড়ো, বঙালী, আদিবাসী, নেপালী, মুছলমান ধৰ্মী, খ্ৰীষ্টান , গাৰোকে ধৰি বিভিন্ন জনগোষ্ঠীৰ লোকসকল ৷ একপ্ৰকাৰ সম্প্ৰতিৰ মিলন ভূমিত পৰিণত হৈ পৰে বগৰীতল বিহুতলী ৷ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ৰঙালী বিহু আৰু দেউল উৎসৱৰ শনিবাৰে পুৱতি নিশা সফল সামৰণি পৰে ৷
