শিৱসাগৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাজিৰা বিহুবৰ চণ্টক পাঁচ আলিত যোৱাকালি সোমবাৰে নিশা ৩.৮৩ লাখ টকা জব্দ কৰা হৈছে। বিকাশ আগৰৱালা নামৰ ব্যক্তিজনৰ পৰা তালাচিৰ সময়ত জব্দ কৰা হয় এই বৃহৎ পৰিমাণৰ ধনখিনি । লোক জনে এএছ ০৪ বিচি ৮০৭৫ নম্বৰৰ বলেৰো বাহন খনত আনিছিল এই ধানখিনি। প্ৰায় ৫০ উৰ্ধৰ বয়সৰ ব্যক্তিজনে লগত অনা ধনখিনি বিহুবৰ আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে ।
উল্লেখ্য যে নিৰ্বাচনী অধিসূচনা প্ৰযোজ্য হৈ থকা অৱস্থাত নগদ ধন সৰবৰাহৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে।
