ধুবুৰী, ধুবুৰী জিলাৰ সাপটগ্ৰামৰ ৰাৱানটাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ঘটে । যোৱাকালি মঙ্গলবাৰে আবেলি ৰাৱানটাৰীত গাঁৱত থকা এটা ঘৰত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড ।
জন বসতিপূৰ্ণ গাঁও খনত থকা চিৰাজুল হক নামৰ লোক জনৰ এটা ঘৰত আবেলি সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। সাপটগ্ৰামৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিতৰ চেষ্টা চলাই জুই নুমুৱাবলৈ সক্ষম হয় । এই অগ্নিকাণ্ডত ঘৰটোত থকা ৬ লক্ষাধিক টকাৰ সম্পত্তি জাহ যায়।
জানিব পৰা মতে বিদ্যুৎ বিচছুতিৰ বাবেই জুইৰ সূত্ৰপাত ঘটে।
