টেল আভিভ: গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ ছমাহজোৰা যুদ্ধৰ মাজতে শনিবাৰে ইজৰাইলৰ বৃহৎ সংখ্যক নাগৰিকে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ পদত্যাগ আৰু দেশত আগতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। হামাছে পণবন্দী কৰি ৰখা লোকসকলক মুক্তিৰ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে। দেওবাৰে পুনৰ ৰাজপথলৈ ওলাই আহিব প্ৰতিবাদকাৰী আৰু জেৰুজালেমত এক সমাৱেশৰ পৰিকল্পনা কৰা হৈছে।
দেওবাৰে গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধই সপ্তম মাহত প্ৰৱেশ কৰে। ইয়াৰ সমান্তৰালকৈ নেতানিয়াহু চৰকাৰৰ বিৰোধিতা তীব্ৰতৰ হৈ পৰিছে। শনিবাৰে আকৌ এবাৰ বৃহৎ সংখ্যক লোকে ৰাজপথলৈ ওলাই আহি বিক্ষোভ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীসকলে এতিয়া আগতীয়াকৈ নিৰ্বাচনৰ দাবী উত্থাপন কৰিছে। এই দাবীৰ সন্দৰ্ভত ৰাজধানীকে ধৰি আন বহু চহৰত ৰেলীৰ আয়োজন কৰা হয় আৰু নেতানিয়াহুৰ পদত্যাগৰ দাবীত শ্লোগান উত্থাপন কৰা হয়। ইজৰাইলৰ বিৰোধী নেতা য়াইৰ লেপিডে এনে এখন সমাৱেশত অংশ লৈ প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি কয় যে আমি তেওঁলোকক ঘৰলৈ পঠিয়াই নিদিয়ালৈকে এই দেশখনক আগবাঢ়ি যাবলৈ নিদিয়ে।
ইজৰাইলৰ তথ্য অনুসৰি হামাছৰ আক্ৰমণত দক্ষিণ ইজৰাইলত ১১৭০ জন লোকৰ মৃত্যু হৈছিল, ইয়াৰে অধিকাংশই সাধাৰণ নাগৰিক। আনহাতে হামাছৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰত্যাক্ৰমণত গাজাত কমেও ৩৩,১৩৭ জন লোকৰ মৃত্যু হৈছে বুলি হামাছৰ দ্বাৰা পৰিচালিত ভূখণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
উল্লেখ্য যে যোৱা বছৰৰ ৭ অক্টোবৰত সন্ত্ৰাসবাদীয়ে প্ৰায় ২৫০ জন ইজৰাইলী আৰু বিদেশী নাগৰিকক পণবন্দী কৰি লৈছিল। সেনাই জনোৱা মতে, গাজাত এতিয়াও ১২৯ জন লোকক বন্দী কৰি ৰখা হৈছে, য’ত ৩৪ জন লোকক মৃত বুলি ধৰা হৈছে।
