চৰাইদেউ: নিৰ্বাচনী বিধি ভংগৰ অভিযোগত নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিব বিজেপিয়ে। সোণাৰিত এই মন্তব্য কৰিলে বিজেপি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাই। এয়া ৰাইজৰ মাজৰপৰা বিভিন্ন তথ্য সংগ্ৰহৰ কাৰ্যসূচী বুলি মন্তব্য সভাপতি গৰাকীৰ। অভিযোগ অনুসৰি বিভিন্ন আঁচনিৰ প্ৰ-পত্ৰ বিতৰণত চৰকাৰৰ জড়িত নাই বুলিও মন্তব্য।
চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি মন্তব্য আগবঢ়ায় বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে।
চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ বিজেপি নেতা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত দলীয় কৰ্মীৰ অংশগ্ৰহণ।
