বঙাইগাঁও: বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুমুৰীয়াত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। লেংটিছিঙালৈ লৈ যোৱা অৱস্থাত অভয়াপুৰীৰ ডুমুৰীয়াত বুধবাৰে সন্ধিয়া ২৫টা হেৰইন ভৰ্তি কন্টেনাৰসহ এজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে
সৰবৰাহকাৰীটো অভয়াপুৰীৰ ডুমুৰীয়া ৩য় খণ্ডৰ জাকিৰ আলী বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জব্দ কৰা হেৰইন, মোবাইল ফোন আৰু আটকাধীন সৰবৰাহকাৰীটোক অভয়াপুৰী আৰক্ষী থানালৈ লৈ আনে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
