নগাঁও: নগাঁৱৰ কঠিয়াতলীত মঙলবাৰে সন্ধিয়া বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ কৰা হয় ৷ কঠিয়াতলী আৰক্ষী আৰু নগাঁৱৰ এছবি বাঞ্চৰ সহযোগত ৪৬ টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকছসহ এজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য় যে এএছ ১২ এজি ২৮৫২ নম্বৰৰ এখন আল্টা বাছত আনিছিল ড্ৰাগছ খিনি ৷ ধৃত সৰবৰাহকাৰীটো নগাঁৱৰ মাইনুল ইছলাম বুলি পৰিচয় পোৱা গৈছে ৷ বৰ্তমান কঠিয়াতলী আৰক্ষীৰ জিম্মাত আছে ড্ৰাগছ সহ ধৃত সৰবৰাহকাৰীটো ৷
