দৰং, । মঙ্গলদৈ মুদৈবৰীত ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা। স্কুল বাছত হঠাতে লাগিল জুই। ফলত সম্পুৰ্ণৰূপে জাহ যায় বাছ খন।
এটা গেৰেজত স্কুল বাছ খনৰ মেৰামতিৰ কাম চলি থকাৰ সময়তেই হঠাতে বাছখনত জুই লাগে।গেৰেজটোৰ কৰ্মীৰ অসাৱধানতাৰ বাবেই স্কুল বাছ খনত জুই লগাৰ সন্দেহ কৰা হৈছে। বাছ খন সম্পূৰ্ণ ৰূপে জুইত জাহ যাই যদিও কোনো লোক ইয়াত হতাহত হোৱা নাই। ইফালে ঘটনা স্থলীত অগ্নি নিৰ্বাপক বাহিনীয়ে সময়ত উপস্থিত হৈ এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
