কামৰূপ,বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ননৰা পঞ্চায়ত চকত বৃহস্পতিবাৰে নিশা বৃহৎ পৰিমাণৰ চুলাই মদৰ সৈতে এজন ব্যক্তিক কৰায়ত্ত কৰা হয়। ব্যক্তি গৰাকীৰ নাম কিশোৰ কলিতা বুলি জানিব পৰা গৈছে।
বহু দিনৰে পৰা চুলাই বিক্ৰী কৰি আছিল কিশোৰ কলিতাই । যাৰ ফলত বহু পৰিয়াল ধ্বংস হোৱাৰ লগতে কম বয়সৰ ল’ৰা বোৰো এই চুলাইৰ কবলত পৰা অঞ্চলৰ বহু লোকৰ অভিযোগ আছিল । অৱশেষত যোৱা নিশা আৰক্ষীয়ে চুলাই বিক্ৰী কৰিব আহি থকা অৱস্থাতে কৰায়ত্ত কৰে কিশোৰ কলিতক । উদ্ধাৰ কৰা বৃহৎ পৰিমানৰ চুলাই পলিথিনবোৰ নষ্ট কৰি পেলায় আৰক্ষীয়ে।
