নগাঁও,: প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ নগাঁওস্থিত বাসগৃহত কালি সন্ধিয়া ইফটাৰ পাৰ্টি আয়োজন কৰা হয়। অৱশ্য়ে এই ইফটাৰ পাৰ্টিত উপস্থিত নহ’ল দলটোৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। ইফটাৰ পাৰ্টিত উপস্থিত থাকে এই আই চি চিৰ পিঠিৰাজ চাথী, লাহৰিঘাটৰ বিধায়ক আচিফ নজৰ আৰু ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ ।
ইফালে আব্দুল খালেকৰ পদত্যাগ সম্পৰ্কেও মন্তব্য কৰে ৰকিবুল হুছেইনে। তেওঁৰ মতে জ্য়েষ্ঠ নেতা কংগ্ৰেছৰ প্ৰতি ক্ষোভ থকাতো স্বাভাৱিক, কিন্তু মোৰ বিশ্বাস সোনকালে উঠাই ল’ব পদত্যাগ পত্ৰ।
ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ জয় নিশ্চিত। বদৰুদ্দিনক কটাক্ষ কৰি ৰকিবুলে কয় যে বিজেপিৰ এজেন্ট হিচাপে কাম কৰা বদৰুদ্দিন আজমলে জিকাৰ পিছতো চিন্তা নকৰে ধুবুৰী বাসী ৰাইজৰ কথা। বুলড’জাৰে কেতিয়া কাৰ ঘৰ ভাঙি দিব, কেতিয়া কাক বিদেশি সজাব সেই চিন্তাত টোপনি নাথাকে ধুবুৰীৰ ৰাইজৰ। কিন্তু বদৰুদ্দিন আজমলে এইবোৰ চিন্তা নকৰে, চিন্তা কৰে মাথোঁ বিজেপিৰ কথাহে।
