লক্ষিমপুৰ, ১৭ মাৰ্চ : লক্ষিমপুৰৰ লালুক আৰক্ষী থানাত যোৱাকালি নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পুত্ৰ বোৱাৰীয়ে শহুৰেকক আক্ৰমণ কৰি হত্যা কৰা ঘটনাক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ৷
শ্বাজিনা বেগম নামৰ এগৰাকী পাষণ্ড মহিলাই মোবাইলেৰে মৰিয়াই মৰিয়াই হত্যা কৰে মুছলেম উদ্দিন নামৰ ব্যক্তিজনক ৷ লালুক আৰক্ষীৰ বিৰুদ্ধেওঁ উঠিছে গুৰুতৰ অভিযোগ ৷ লালুক আৰক্ষীয়ে অভিযুক্তৰ পৰা ১৫০০০ হাজাৰ টকা লৈ কোনো ধৰণৰ তদন্ত কৰা নাছিল এজাহাৰৰ ৷ লগতে অভিযোগকাৰীৰ পৰাওঁ তেল খৰচৰ নামত আৰক্ষীয়ে লৈছিল এক হাজাৰ টকা ৷ আনহাতে এতিয়াও অভিযুক্ত মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷
