কোকৰাঝাৰ, ১৬ মাৰ্চ। কোকৰাঝাৰ লোকসভা সমষ্টি বিপিএফৰ দখলত থাকিব, ৰাইজে ভোটৰ দিনটোকে ৰৈ আছে,মূল যুজঁ এন ডি এ মিত্ৰযোটৰ সৈতে হব বি পি এফৰ, এইদৰে মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থী খাম্ফা বৰগয়াৰী।
কোকৰাঝাৰত আজি এক আৱতৰীয়া দীপাৱলীৰ পৰিবেশৰ সৃষ্টি হৈছে। কোকৰাঝাৰ চহৰস্থিত কেন্দ্ৰীয় বিপিএফৰ কাৰ্যালয় চৌহদত উৎসৱ মুখৰ পৰিবেশ। বি পি এফৰ উপ সভাপতি খাম্ফা বৰগয়াৰীক কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে বিপুল আদৰণি দলীয় আৰু সমৰ্থক ৰাইজৰ। প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে প্ৰথমে বডোফা নগৰস্থিত নিজ বাসগৃহত আদবাটৰ পৰা খাম, চিফুং বজায় নাচি নাচি আদৰি লৈ যায়।
প্ৰথমে বাথৌ থানশালীত প্ৰাৰ্থনা জনায় আশীষ লয় খাম্ফা বৰগয়াৰী। পৰবৰ্তীত কেন্দ্ৰীয় কাৰ্যালয়ত বিপুল আদৰণি জনায় আৰু ফটকা ফুটাই আনন্দ উপভোগ কৰে সমৰ্থক সকলে।
