নতুন দিল্লী, । ভাৰতীয় নিৰ্বাচন আয়োগে আজি বিয়লি প্ৰায় ৩ বজাত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিজ্ঞান ভৱনত এইবছৰ দেশত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব । বিজ্ঞান ভৱনত অনুষ্ঠিত হ’বলগীয়া সংবাদমেলত দেশৰ ৫৪৩খন লোকসভা আসনত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটদানৰ তাৰিখ ঘোষণা কৰা হ’ব। ইয়াৰ উপৰিও কিছু ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনী কাৰ্যসূচীও ঘোষণা কৰা হ’ব।
সংবাদমেলৰ প্ৰাকক্ষণত ভাৰতৰ নিৰ্বাচন আয়োগে নিজৰ অফিচিয়েল এক্স হেণ্ডেলত এই তথ্য প্ৰদান কৰে। তিনিজনীয়া নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত (দ্বয়) সুখবীৰ সিং সন্ধু আৰু জ্ঞানেশ কুমাৰ। এই উপলক্ষে আয়োগে অন্ধ্ৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, ওড়িশা, ছিকিম আৰু জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিব পাৰে। ভোটদানৰ তাৰিখ ঘোষণাৰ লগে লগে বলবৎ হ’ব আদৰ্শ আচৰণ বিধি।
উল্লেখযোগ্য যে চলিত লোকসভাৰ কাৰ্যকাল ১৬ জুনত শেষ হ’ব। তাৰ আগতে নতুন লোকসভা গঠন কৰিব লাগিব। যোৱাবাৰ (২০১৯) ১০ মাৰ্চত লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’ৰ ভিতৰত সাতটা পৰ্যায়ত ভোটদান হৈছিল। ২৩ মে’ত কৰা হৈছিল ভোটগণনা।
