জম্মু,। কেন্দ্ৰীয় শাসিত অঞ্চলত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বাবে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ বিষয়াৰ এটা দল জম্মুত উপস্থিত হয়।
তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণত থকা প’ল পেনেলৰ দলটোৱে মঙলবাৰে শ্ৰীনগৰত এন চি, পিডিপি, বিজেপি, চিপিআই (এম), কংগ্ৰেছ আৰু আপৰ প্ৰতিনিধিৰ লগতে জম্মু-কাশ্মীৰৰ মুখ্য নিৰ্বাচনী বিষয়া পি কে পল আৰু নোডাল আৰক্ষী বিষয়াৰ সৈতে আলোচনাত মিলিত হয় । নিৰ্বাচন আয়োগৰ দলটোৱে বুধবাৰে বিয়লি জম্মুত উপস্থিত হৈ বিভিন্ন আইন প্ৰয়োগকাৰী সংস্থাৰ উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠক আৰম্ভ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
সংবাদমেল সম্বোধন কৰাৰ পূৰ্বে দলটোৱে জম্মু-কাশ্মীৰৰ মুখ্য সচিব অটল দুল্লু আৰু আৰক্ষী সঞ্চালক প্ৰধান আৰ আৰ শ্বোৱাইনকো সাক্ষাৎ কৰিব বুলিও তেওঁ কয়। জম্মু-কাশ্মীৰৰ ৰাজনৈতিক দলসমূহে লোকসভা নিৰ্বাচনৰ লগে লগে ইয়াত নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে।
ইফালে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাত পলম হোৱাৰ বিৰুদ্ধে ইয়াৰ নিৰ্বাচন ভৱনৰ বাহিৰত প্ৰতিবাদ কৰাৰ সময়ত নেশ্যনেল পেন্থাৰ্ছ পাৰ্টিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী হৰ্ষ দেৱ সিঙক তেওঁৰ কেইবাজনো সমৰ্থকক আটক কৰে। হৰ্ষ দেৱ সিঙে সাংবাদিকৰ আগত কয় যে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল হোৱাৰ পিছতো বিজেপিৰ নিৰ্দেশত কালি শ্ৰীনগৰ ভ্ৰমণ কৰা নিৰ্বাচন আয়োগৰ দলটোক সাক্ষাৎ কৰিবলৈ তেওঁলোককক দিয়া হোৱা নাছিল।
