• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > বায়ুসেনাই এইচ এ এলৰ পৰা প্ৰথম বেটচত লাভ কৰিব ২খন তেজছ এম কে-১এ যুদ্ধ বিমান
National

বায়ুসেনাই এইচ এ এলৰ পৰা প্ৰথম বেটচত লাভ কৰিব ২খন তেজছ এম কে-১এ যুদ্ধ বিমান

CliQ INDIA
Last updated: March 11, 2024 2:50 pm
CliQ INDIA
Share
4 Min Read
SHARE

– বায়ুসেনাই নিজৰ বিমান বহৰত অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে কঠোৰ পৰিদৰ্শন আৰু পৰীক্ষণ কৰিব।

– দুয়োখন যুদ্ধ বিমানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰৱৰ্তী বেংগালুৰু ভ্ৰমণৰ বাবে কৰি আছে অপেক্ষা

নতুন দিল্লী, । হিন্দুস্তান এৰ’নটিক্স লিমিটেডে চলিত মাহৰ শেষৰ ফালে থলুৱা এল চি এ তেজছৰ উন্নত সংস্কৰণ দুখন তেজছ এম কে-১এ যুদ্ধ বিমানৰ প্ৰথম বেটচ ভাৰতীয় বায়ুসেনাক যোগান ধৰিব। এই ৪.৫ প্ৰজন্মৰ যুদ্ধ বিমানখনৰ প্ৰথম উৰণৰ জৰিয়তে প্ৰতিৰক্ষা বিমান পৰিবহণৰ ক্ষেত্ৰত ভাৰতৰ সোণালী যুগ এই মাহৰ পৰা আৰম্ভ হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰৱৰ্তী বেংগালুৰু ভ্ৰমণৰ বাবে এল চি এ বিভাগৰ ভিতৰত দুখন সম্পূৰ্ণ সুসজ্জিত এম কে-১এ যুদ্ধ বিমান অপেক্ষা কৰি আছে, গতিকে ই এক হাই প্ৰফাইল ইভেণ্ট হ’ব পাৰে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২০২১ চনৰ ০৩ ফেব্ৰুৱাৰীত এইচ এ এলৰ সৈতে চুক্তি চূড়ান্ত কৰিছিল ৮৩খন এল চি এ তেজছ এম কে-১এ যুঁজাৰু বিমানৰ বাবে। এই চুক্তিৰ প্ৰথমটো টুইন চিটাৰ প্ৰশিক্ষক এইচ এ এলে যোৱা বছৰৰ ৪ অক্টোবৰত বায়ুসেনাক গতাই দিছিল। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত বিগত বৰ্ষৰ ৩০ নৱেম্বৰত আৰু ৯৭খন তেজছ এম কে-১এ ক্ৰয়ৰ বাবে অনুমোদন জনাইছে কেন্দ্ৰীয় চৰকাৰে। এইচ এ এলৰ সৈতে অতিৰিক্ত ৯৭খন টেজাছ এম কে-১এৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত মুঠ ১৮০খন বিমান উৎপাদন হ’ব। ৮৩খন বিমানৰ অৰ্ডাৰ পোৱাৰ পিছত এইচ এ এলে বছৰি ১৬খন জেট বিমান উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও আৰু ৯৭খন বিমানৰ অৰ্ডাৰ পোৱাৰ পিছত বছৰি ৩২খন জেট বিমান উৎপাদন কৰাৰ পৰিকল্পনা কৰিছে। এইচ এ এলৰ পৰা প্ৰথম বেটচত লাভ কৰা দুয়োখন তেজাছ এম কে-১এ বিমানকে ভাৰতীয় বায়ুসেনাই নিজৰ বিমান সজ্জাত অন্তৰ্ভুক্ত কৰাৰ পূৰ্বে কঠোৰ পৰিদৰ্শন আৰু পৰীক্ষাৰ ব্যৱস্থা কৰা হ’ব।

আধুনিক বিমান যুদ্ধৰ প্ৰতি লক্ষ্য ৰাখি এলচিএ তেজছ এমকে-১এ যুঁজাৰু জেটত এভিয়নিকছ, অস্ত্ৰ-শস্ত্ৰ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ৪৩ ধৰণৰ উন্নতি কৰা হৈছে। এতিয়া টেজাছ এমকে-১এত থাকিব অত্যাধুনিক এইএছএ ৰাডাৰ, যিটো টেজাছ এমকে-১ৰ ইজৰাইলী ইএল/এম-২০৩২ ৰাডাৰতকৈ ভাল হ’ব। প্ৰথম বেটচত থাকিব ইজৰাইলৰ ই এল/এম-২০৫২ ৰাডাৰ, বাকীবোৰত থাকিব থলুৱা উত্তম ৰাডাৰ। তেজছ এম কে-১এত থাকিব ইজৰাইলী ই এল এল-৮২২২ জেমাৰ পড, যিয়ে বিভিআৰ বা এছ এ এম মিছাইলৰ ৰাডাৰৰ সংকেত আটক কৰিব। এইচ এ এলৰ মতে, টেজাছ এম কে-১ এত নতুন ডিজিটেল ফ্লাইট কণ্ট্ৰল কম্পিউটাৰ (ডি এফ চি চি) থাকিব, যিয়ে ইয়াৰ চঞ্চলতা আৰু কম্পিউটিং শক্তি বৃদ্ধি কৰিব।

নতুন ডিএফচিচিয়ে পাৱাৰভিচি আৰ্কিটেকচাৰ ব্যৱহাৰ কৰিব, যাৰ ফলত অধিক সময়ৰ বাবে বতাহত থকাটো সহজ হ’ব। বিমানখনত স্থাপন কৰা ৰাডাৰ ৱাৰ্নিং ৰিচিভাৰ (আৰ ডব্লিউ আৰ)য়ে শত্ৰুৰ বিমানক অনুসৰণ কৰি চিনাক্ত কৰিব। এই ৰিচিভাৰে পাইলটক অহা মিছাইল বা ৰাডাৰ লকৰ বিষয়ে সতৰ্ক কৰি দিব আৰু শত্ৰুৰ ৰাডাৰ জাম কৰিবলৈ আত্মসুৰক্ষা জেমাৰ সক্ৰিয় কৰিব। তেজছ এম কে-১এত যুদ্ধৰ বাবে উন্নত ক্ল’জ ৰেঞ্জ, বিভিআৰ আৰু লং ৰেঞ্জ বিভিআৰ মিছাইল থাকিব। ইয়াৰ উপৰিও ইয়াত থাকিব ৫০০ কেজি এলজিবি আৰু আকাশৰ পৰা ভূপৃষ্ঠলৈ আক্ৰমণৰ বাবে গাইড বিহীন বোমা। তেজছ এম কে-১এৰ ৰক্ষণাবেক্ষণযোগ্যতা উন্নত কৰিবলৈ লাইন ৰিপ্লেচেবল ইউনিট (এল আৰ ইউ) আৰু নতুন এল আৰ ইউ স্থাপন কৰা হৈছে। বায়ুসেনাৰ চাহিদা অনুসৰি তেজছ এম কে-১এক স্মাৰ্ট মাল্টি ফাংচন ডিছপ্লে, ডিজিটেল মেপ জেনেৰেটৰ, উন্নত ৰেডিঅ’ এলটিমিটাৰ আৰু অংগড ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ছুইটেৰে সজ্জিত কৰা হৈছে। এই বৈশিষ্ট্যসমূহৰ বাবেই যুদ্ধ বিমান প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ বাবে তেজছ এম কে-১এ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।

 

You Might Also Like

প্ৰধানমন্ত্ৰী মোডী, ৰাজনাথ সিং আৰু অমিত শ্বাহৰ আজি বিহাৰত বৃহৎ নিৰ্বাচনী সভা
ঘন কুঁৱলীৰ ফলত ডিব্ৰুগড় বিমানবন্দৰত বিমান সেৱা ব্যাহত, যাত্ৰীসকল ভীষণ অসুবিধাৰ সন্মুখীন
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ১২৪ জন
কালজয়ী সাহিত্যিক মুন্সি প্ৰেমচান্দৰ মৃত্যু বাৰ্ষিকীত বিজেপিৰ শ্ৰদ্ধাঞ্জলি | BulletsIn
অমিত শ্বাহৰ আজি বংগ ভ্ৰমণ, TMC ৰ বিৰুদ্ধে বিজেপিৰ অভিযোগপত্ৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰী মোদীয়ে ১২ মাৰ্চত ৰাজস্থানৰ পোখৰাণত প্ৰত্যক্ষ কৰিব ‘ভাৰত শক্তি’
Next Article বাক্সাৰ বাগানপাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বাহজেনী চুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?