ষ্টকহোম, । অৱশেষত কালি (বৃহস্পতিবাৰে) উত্তৰ আটলাণ্টিক সন্ধি সংস্থা (নাটো)ত ছুইডেনক ভৰ্তি কৰা হয়। নাটোৰ মহাসচিব জেন্স ষ্টলটেনবাৰ্গে কয় যে ‘এয়া এক ঐতিহাসিক দিন। ছুইডেনে এতিয়া নাটোত সঠিক স্থান লাভ কৰিব আৰু নাটোৰ নীতি আৰু সিদ্ধান্ততো ইয়াৰ মতামত লক্ষ্য কৰা হ’ব। তেওঁ কয় যে ‘২০০ বছৰতকৈ অধিক সময় অসংলগ্ন হৈ থকাৰ পিছত ছুইডেনেও এতিয়া ৫ নং অনুচ্ছেদৰ অধীনত নিৰাপত্তাৰ নিশ্চয়তা লাভ কৰিব।’
কালি ছুইডেন চৰকাৰৰ বিশেষ বৈঠকৰ অন্তত এই কথা ঘোষণা কৰা হৈছে। এতিয়া ব্ৰাছেলছত থকা নাটোৰ মুখ্য কাৰ্যালয়ৰ বাহিৰতো ছুইডেনৰ পতাকা দেখাবলৈ আৰম্ভ কৰিব। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ এক্স হেণ্ডেল পোষ্টত এই ঘোষণাক আদৰণি জনাইছে আৰু ইয়াৰ বাবে ছুইডেনক অভিনন্দন জনাইছে। ছুইডেনৰ কাকত দ্য লোকেল ছুইডেনৰ মতে, আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনৰ সৈতে হোৱা বৈঠকত ক্ৰীষ্টাৰছনে ছুইডেনৰ যোগদানৰ নথিখন অৰ্পণ কৰে। ইয়াৰ লগে লগে ২০০ বছৰতকৈও অধিক সময়ৰ নিৰপেক্ষতা আৰু অসংলগ্নতাৰ অন্ত পৰিল। ছুইডেনৰ সময় অনুসৰি সন্ধিয়া ৫:২৫ বজাত এই বদলি হয়। ছুইডেন হ’ব নাটোৰ ৩২ সংখ্যক সদস্য দেশ। এই উপলক্ষে ব্লিংকেনে কয়, অপেক্ষা কৰাসকলৰ ভাল কথা আহে। ইয়াতকৈ উত্তম উদাহৰণ আৰু নাই। তেওঁ ইয়াক এটা ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰে।
উল্লেখযোগ্য যে ১৯৪৯ চনত নাটো গঠন হৈছিল। সেই সময়ত আমেৰিকা, ব্ৰিটেইন, কানাডা আৰু ফ্ৰান্সকে ধৰি ১২খন দেশ আছিল। এতিয়া ছুইডেনকে ধৰি সদস্য দেশৰ সংখ্যা ৩২ লৈ বৃদ্ধি পাইছে। প্ৰথম অৱস্থাত নাটোৰ উদ্দেশ্য আছিল ছোভিয়েট ইউনিয়নৰ সম্প্ৰসাৰণ বন্ধ কৰা। সকলোৱে সংকল্প লৈছিল যে নাটোৰ যিকোনো সদস্যৰ ওপৰত আক্ৰমণ কৰিলে সকলো সদস্য দেশৰ ওপৰত আক্ৰমণ বুলি গণ্য কৰা হ’ব। নাটোৰ কোনো সেনাবাহিনী নাই যদিও সংকটৰ সময়ত সকলো সদস্য ৰাষ্ট্ৰই ঐক্যবদ্ধভাৱে কাম কৰিব পাৰে। নাটো দেশসমূহেও যৌথ সামৰিক অনুশীলন চলায়। নাটোৰ প্ৰধান সদস্য দেশসমূহ হ’ল আমেৰিকা, ব্ৰিটেইন, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, স্পেইন, তুৰস্ক, আলবেনিয়া, বুলগেৰিয়া, হাংগেৰী, পোলেণ্ড, চেক গণৰাজ্য, শ্লোভাকিয়া, ৰোমানিয়া, লিথুৱেনিয়া, লাটভিয়া, ইষ্ট’নিয়া আৰু ফিনলেণ্ড।
