দৰং,। মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত ৪২ সংখ্যক অম্বা মেধি আমন্ত্ৰণমূলক ফুটবল প্রতিযোগিতাত মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থা চূড়ান্ত বিজয়ী হয়। সোমবাৰে নিশা মঙলদৈ ষ্টেডিয়ামত ফ্লাড লাইট তলত অনুষ্ঠিত ফাইনেল খেলত মুকালমুৱাই কামৰূপা এফ চিক ৩ – ১ গ’লত পৰাজিত কৰে। মঙ্গলদৈ ক্ৰীড়া সন্থাৰ খেল পথাৰৰ ফ্লাড লাইটৰ তলত অনুস্থিত হোৱা ফাইনেল খেল উপভোগ কৰিলে হাজাৰ হাজাৰ দৰ্শকে।
উল্লেখ্য় যে ফাইনেল খেলখন উদ্বোধন কৰে মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। খেলখনত কামৰূপা এফ চিক হৰুৱাই মুকালমুৱা চেম্পিয়ন হয়। মুকালমুৱা দলৰ নয়ন কলিতাই খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হৈ বিদ্যাৰাম মেধি সোঁৱৰণী বঁটা আৰু কামৰূপা এফ চিৰ অভিনাশ ৰাভাই শ্ৰেষ্ঠ গ’লকীপাৰ হিচাপে পতিৰাম ডেকা সোঁৱৰণী বঁটা লাভ কৰে।
