নতুন দিল্লী: মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক অত্যধিক দুৰ্নীতিগ্ৰস্ত (‘টু মাচ্চ কৰাপচন’ৰ)ৰ দল বুলি অভিহিত কৰি বিজেপিয়ে লক্ষ্য কৰি লৈছে।
শনিবাৰে সংবাদ মাধ্যমৰ আগত দলৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই কয় যে পশ্চিম বংগৰ মমতা চৰকাৰৰ প্ৰতিটো বিভাগতে দুৰ্নীতিৰ প্ৰকোপ ব্যাপক হৈ পৰাত টিএমচি এতিয়া ‘টু মাচ্চ কৰাপচন’ৰ দলত পৰিণত হৈছে। টিএমচি এতিয়া ‘মা মাটি মানুষ’ৰ লগত জড়িত নহয়, বৰঞ্চ দুৰ্নীতিৰ দল হৈ পৰিছে।
