নতুন দিল্লী, ২৭ ফেব্ৰুৱাৰী: কৃতজ্ঞ ৰাষ্ট্ৰই ভাৰত ৰত্ন নানাজী দেশমুখক আজি (মঙলবাৰ) তেওঁৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে স্মৰণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি পুৱা নানাজী দেশমুখৰ গুণক স্মৰণ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই সন্দৰ্ভত তেওঁ নিজৰ এক্স হেণ্ডেলত এটা চিত্ৰকল্প পোষ্ট শ্বেয়াৰ কৰিছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে লিখিছে, নানাজীৰ সমগ্ৰ জীৱন ৰাষ্ট্ৰ প্ৰথম মতাদৰ্শৰ প্ৰতি উৎসৰ্গিত আছিল। সাংগঠনিক দক্ষতাৰে তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। জন সংঘৰ জৰিয়তে নানাজীয়ে ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰবিন্দুত দেশপ্ৰেম প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল আৰু যুৱক-যুৱতীসকলক জাতি নিৰ্মাণৰ বাবে উৎসাহিত কৰিছিল। গ্ৰাম্য শিক্ষা, স্বাস্থ্য আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত তেওঁৰ কাম প্ৰেৰণাদায়ক।
উল্লেখযোগ্য যে নানাজী ভাৰতৰ গ্ৰাম্য শিল্পী হিচাপেও পৰিচিত। তেওঁ ভগৱান ৰামৰ পবিত্ৰ স্থান চিত্ৰকূটত চিত্ৰকূট গ্ৰামোদয় বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰে। ভাৰতীয় জনসংঘৰ বিশিষ্ট নেতা নানাজী দেশমুখ ৰাজ্যসভাৰ সদস্যও আছিল। নানাজী দেশমুখৰ সম্পূৰ্ণ নাম আছিল চণ্ডিকাদাস অমৃতৰাও দেশমুখ। শিক্ষা, স্বাস্থ্য আৰু গ্ৰাম্য আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত তেওঁ অবিস্মৰণীয় কাম কৰিছিল। মৰণোত্তৰভাৱে তেওঁক ২০১৯ চনত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন বঁটা প্ৰদান কৰিছিল।
১৯১৬ চনৰ ১১ অক্টোবৰত কাদোলিৰ মাৰাঠী ভাষী ব্ৰাহ্মণ পৰিয়ালত নানাজীৰ জন্ম হৈছিল। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বহু দায়িত্ব তেওঁ সফলতাৰে পালন কৰিছিল। ১৯৫০ চনত তেওঁ গোৰখপুৰত ভাৰতৰ প্ৰথম সৰস্বতী শিশু মন্দিৰ প্ৰতিষ্ঠা কৰে। ২০১০ চনৰ ২৭ ফেব্ৰুৱাৰীত ৯৩ বছৰ বয়সত তেওঁৰ দেহাৱসান ঘটে।
