নলবাৰী,ফেব্ৰুৱাৰী: অৱশেষত বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ চিকিৎসাৰ দায়িত্ব লৱলৈ আগবাঢ়ি আহিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ভাৰাঘৰৰ বিচনাত পৰি থকা প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ চিকিৎসাৰ বাবে নিয়োগ কৰা হল এগৰাকী চিকিৎসক,নাৰ্চ আৰু এগৰাকী ক্লীনাৰ। প্ৰমূল্যবোধৰ ৰাজনীতি কৰা ৰমণী বৰ্মনৰ দুৰৱস্থাৰ বাতৰি সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছত আগবাঢ়ি আহিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ভাৰাঘৰৰ এখন বিচনাত সময় অতিবাহিত কৰিছে প্ৰজ্ঞাৰ সাধক ৰমণী বৰ্মনে। ভাৰাঘৰেই এতিয়া প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ ঠিকনা।
ভাৰাঘৰৰ বিচনাত শয্যাগত হৈ এইদৰে নিৰৱে সময় পাৰ কৰিছে গুৰুতৰ ভাৱে অসুস্থ ৰমণী বৰ্মনে। একালৰ সাম্যবাদী ৰাজনীতিক তথা প্ৰাক্তন শিক্ষামন্ত্ৰী অৱসৰী অধ্যাপক ৰমণী বৰ্মনৰ এনে অৱস্থা সম্পৰ্কে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হৈছিল। সাতাশী বছৰীয়া ৰাজনীতিক গৰাকীয়ে নলবাৰীৰ ভাৰাঘৰৰ বিচনাত শয্যাগত হৈ থকা আৰু সমাজৰ হকে সদা জাগ্ৰত ৰমণী বৰ্মনৰ চিকিৎসা সম্পৰ্কত বাতৰি পৰিবেশন কৰাৰ পিছতেই এতিয়া তৎপৰ হৈ পৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। ১৯৭৮ চনৰ জনতা পাৰ্টিৰ গোলাপ বৰবৰা নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল অধ্যাপক ৰমণী বৰ্মন। সততা আৰু সংগ্ৰামৰ ৰাজনীতি কৰা ৰমণী বৰ্মনৰ চিকিৎসাৰ দায়িত্ব লৱলৈ আগবাঢ়ি আহিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনৰ চিকিৎসাৰ দায়িত্ব লৈ ৰমণী বৰ্মনৰ চিকিৎসাৰ বাবে তেখেতৰ ভাৰাঘৰত এগৰাকী চিকিৎসক, এগৰাকী নাৰ্চ আৰু এগৰাকী ক্লীনাৰ নিয়োগ কৰিছে। প্ৰয়োজনত চিকিৎসালয়ত ভৰ্তি কৰা হৱ ৰমণী বৰ্মনক।
