তেহৰাণ, ২৪ ফেব্ৰুৱাৰী : ইৰাণে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্ৰাসবাদী ইছমাইল শ্বাহ বাক্স আৰু তেওঁৰ একাংশ সহযোগীক হত্যা কৰিছে। ইৰাণৰ এই কাৰ্য্যই দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। ইৰাণ ইণ্টাৰনেশ্যনেল ইংৰাজী (নিউজ পৰ্টেল)-এ নিজৰ প্ৰতিবেদনত এই তথ্য দিছে।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি ইৰাণ ইণ্টাৰনেশ্যনেল ইংলিছে পাকিস্তানৰ বিৰুদ্ধে ইৰাণৰ সামৰিক বাহিনীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ চমু সবিশেষ নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। খবৰ অনুসৰি ইৰাণৰ সামৰিক বাহিনীয়ে পাকিস্তানৰ ভূখণ্ডত জয়ছ আল আদল (ন্যায়ৰ সেনা) সন্ত্ৰাসবাদী গোটৰ অধিনায়ক ইছমাইল শ্বাহ বাক্স আৰু তেওঁৰ কিছু সহযোগীক হত্যা কৰে।
