দৰং, ২৪ ফেব্ৰুৱাৰী : দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি প্ৰকল্পত সম্প্ৰতি দেখা গৈছে দুষ্প্ৰাপ্য প্ৰজাতিৰ বিদেশী চৰাইৰ মুক্ত বিচৰণ। বিদেশী চৰাইৰ বিচৰণে শোভা বৰ্ধন কৰিছে গৰুখুটিৰ জলাশয়।
বিশেষকৈ দক্ষিণ পূব ইউৰোপ আৰু দক্ষিণ স্পেইনৰ চকোৱা নামৰ এই বিলুপ্ত প্ৰায় চৰাই বিধৰ অগমনে এতিয়া উৎফুল্লিত কৰি তুলিছে প্ৰকৃতি প্ৰেমী সকলৰ মন। চকোৱা বা বামুণী হাঁহ নামৰ সোণালী ৰঙৰ হাঁহ প্ৰজাতিৰ এই চৰাইবিধ এইদৰে গৰুখুটিৰ জলাশয়ত বসতি কৰিবলৈ ধৰিছে। প্ৰায় ৫০ৰ পৰা ৬০ টাৰ ভিতৰত প্ৰকল্পৰ জলাশয়ত এইদৰে মুকলি ভাবে বিচৰণ কৰিছে চৰাই বিধৰ লগতে বহু পৰিভ্ৰমী চৰায়ে।
