নতুন দিল্লী, ২৪ ফেব্ৰুৱাৰী : আজি (শনিবাৰে) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শস্য মজুত আঁচনিৰ পাইলট প্ৰজেক্ট উদ্বোধন কৰিব। দেশৰ সমবায় খণ্ডক শক্তিশালী কৰাৰ দিশত এতিয়ালৈকে প্ৰধানমন্ত্ৰী মোডীৰ এয়াই সৰ্ববৃহৎ পদক্ষেপ। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে আন কিছুমান প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী প্ৰগতি ময়দানত অৱস্থিত ভাৰত মাণ্ডপামত পুৱা ১০:৩০ বজাৰ পৰা উদ্বোধনী আৰু আধাৰশিলা স্থাপন অনুষ্ঠান আৰম্ভ হয়। ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনি’ৰ পাইলট প্ৰকল্প উদ্বোধন কৰিব। ১১খন ৰাজ্যৰ ১১খন প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ)ত ইয়াক পৰিচালনা কৰা হ’ব।
পিএমঅ’ৰ মতে, প্ৰধানমন্ত্ৰী মোদীয়ে এই পদক্ষেপৰ অধীনত কৃষি সম্পৰ্কীয় অন্যান্য আন্তঃগাঁথনি সৃষ্টিৰ বাবেও সমগ্ৰ দেশতে অতিৰিক্ত ৫০০ পিএচিএছৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে ১৮ হাজাৰ পেকছৰ বাবে কম্পিউটাৰাইজেচন প্ৰকল্প উদ্বোধন কৰিব। এই প্ৰকল্পটো চৰকাৰৰ সমবায় সমৃদ্ধি দৃষ্টিভংগীৰ সৈতে মিল আছে। ইয়াৰ উদ্দেশ্য হৈছে সমবায় খণ্ডলৈ নতুন শক্তি প্ৰদানৰ সমান্তৰালকৈ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকক সৱলীকৰণ কৰা। ২৫০০ কোটিতকৈ অধিক আৰ্থিক ব্যয়ৰে এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোত অনুমোদন জনোৱা হৈছে।
