মুম্বাই, ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশীৰ আজি (শুকুৰবাৰে) পুৱতি নিশা ইয়াৰ পিডি হিন্দুজা হাস্পতালত মৃত্যু হয়। ৮৬ বছৰ বয়সত তেওঁ শেষ উশাহ লৈছিল। পৰিয়ালটোৱে জনোৱা মতে, হৃদৰোগত আক্ৰান্ত হোৱাত তেওঁক ইয়াত ভৰ্তি কৰোৱা হৈছিল।
পিডি হিন্দুজা হাস্পতালে বৃহস্পতিবাৰে এক বিবৃতি জাৰি কৰিছিল যে যোশী গুৰুতৰভাৱে অসুস্থ। তেওঁক আই চি ইউত ৰখা হৈছে। শিৱসেনাৰ প্ৰবীণ নেতা যোশীক যোৱা বছৰৰ মে’ মাহতো মগজুৰ ৰক্তক্ষৰণৰ বাবে একেখন চিকিৎসালয়তে ভৰ্তি কৰা হৈছিল। যোশী ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল। তেওঁ অবিভক্ত শিৱসেনাৰ পৰা ৰাজ্যৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱা প্ৰথমজন নেতা হিচাপে পৰিগণিত হয়। সংসদৰ সদস্য হিচাপেও নিৰ্বাচিত হৈ ২০০২ চনৰ পৰা ২০০৪ চনলৈ লোকসভাৰ অধ্যক্ষ আছিল।
