কাৰ্বি আংলং, ১৯ ফেব্ৰুৱাৰী : কাৰ্বি আংলঙৰ বোকাজানৰ পুৰণা লাহৰিজানত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ আটক হৈছে দুই সৰবৰাহকাৰী। অবৈধ নিচাযুক্ত সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ , বাৰ্মিজ চুপাৰিৰ লগতে বহি:ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা বিভিন্ন অবৈধ চোৰাং সামগ্ৰী সৰবৰাহৰ বাবে অসম নাগালেণ্ড সংযোগী ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথ দুটাক নিৰাপদ ক’ৰিডৰ হিচাপে ব্যৱহাৰ কৰি অপৰাধী চক্ৰই নিতৌ ন-ন কৌশল অৱলম্বন কৰি কেতিয়াবা বিলাসী বাহনত, কেতিয়াবা সামগ্ৰী ভৰ্তি ট্ৰাকত আৰু কেতিয়াবা সৰবৰাহকাৰীয়ে পদপথে নিচা জাতীয় সামগ্ৰী সৰবৰাহৰ চেষ্টা চলোৱাৰ লগতে বহি:ৰাষ্ট্ৰৰ বিভিন্ন অবৈধ চোৰাং সামগ্ৰী ৰাষ্ট্ৰীয় ঘাই পথ দুটাৰে সৰবৰাহৰ অপচেষ্টা কৰি আহিছে এই অপৰাধী চক্ৰ সমূহে। কিন্তু অপৰাধী চক্ৰই নিতৌ ন ন কৌশল অৱলম্বন কৰিলেও বোকাজান আৰক্ষীৰ শেন দৃষ্টিৰ পৰা হাৰি যাব পৰা নাই চোৰাং সামগ্ৰী সৰবৰাহৰ অপচেষ্টা কৰা এনে অপৰাধী চক্ৰ সমূহ ৷ এইবাৰ বিলাসী ফৰ্ড ইক’স্পোৰ্ট বাহনত নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ অপচেষ্টা কৰি আৰক্ষীৰ জালত পৰে মণিপুৰৰ দুটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷
বোকাজান আৰক্ষীৰ গোপন খবৰৰ তথ্যৰ ভিত্তিত বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া ৰুষ্টম ৰাজ ব্ৰহ্ম নেতৃত্বত ডীলাই আৰক্ষী আৰু চি- ২০ নং চিআৰপিএফ বাহিনীৰ সহযোগত যোৱাকালি দেওবাৰে নিশা ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথত থকা লাহৰিজান আৰক্ষী পহৰা চকীৰ নিয়মীয়া নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা মাঞ্জা আভিমুখী এএছ ০১ বিএফ ০২৪৬ নম্বৰৰ এখন বিলাসী বাহনত তালাচী চলাই নিচাযুক্ত সামগ্ৰী খিনি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযানকাৰী দলটোৱে তালাচী কালত মণিপুৰৰ আব্দুল কালাম (৩৬ ) আৰু মহম্মদ নাৱাজ চৰীফ (১৮) নামৰ সৰবৰাহকাৰী দুটাই বিলাসী বাহনখনত লুকুৱাই অনা অৱস্থাত ১৫ টা চাবোনৰ বাকচত মুঠ ২০০.০৩ গ্ৰাম হেৰ’ইন আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ ধৃত সৰবৰাহকাৰী দুটাৰ পৰা অধিক তথ্য লাভৰ বাবে বোকাজান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
