বিশ্বনাথ, ১৫ ফেব্ৰুৱাৰী: খৰাং বতৰৰ লগতে অচিন ৰোগে সম্প্ৰতি চতিয়াৰ একাংশ আলু খেতিয়কলৈ বিপৰ্যয় কঢ়িয়াই আনিছে। এই ৰোগত শুকাই গৈছে শ শ বিঘা মাটিত কৰা আলু খেতিৰ গছ।
চতিয়াৰ বৰভূঞা গাঁৱৰ কৃষকসকলে চৰকাৰী ভূমিৰ লগতে ব্যক্তিগত মাটিত বহু আশা বুকুত বান্ধি আলু খেতি কৰিছিল যদিও এতিয়া এইসকল খেতিয়কৰ আলুৰ গছ খৰাং বতৰ আৰু অচিন ৰোগৰ কবলত পৰি মৰহি যোৱাত আশাৰ সপোন চুৰমাৰ হোৱাৰ দিশে গতি কৰিছে। চৰম হতাশাত ভোগা এইসকল চতিয়াৰ কৃষকক এতিয়া সকাহ দিয়াৰ বাবে চৰকাৰৰ কৃষি বিভাগে নিশ্চয় কিবা পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁলোকে আশাৰে বাট চাইছে।
