ৰাফাহ, ১৩ ফেব্ৰুৱাৰী : ইজিপ্তৰ সীমান্তৰ সমীপৰ দক্ষিণৰ গাজাৰ চহৰ ৰাফাহত ইজৰাইলৰ নিৰাপত্তা বাহিনীয়ে দ্ৰুত বিমান আক্ৰমণ আৰু বোমা বৰ্ষণ কৰি পেলেষ্টাইনী সন্ত্ৰাসবাদী সংগঠন হামাছৰ পৰা পণবন্দী দুজনক নিৰাপদে মুকলি কৰিছে। নিশাৰ ভিতৰতে সংঘটিত হোৱা এই বোমা বৰ্ষণত কমেও ৭৪ জন পেলেষ্টাইনী সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে।
আমেৰিকাৰ আগশাৰীৰ বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি ইজৰাইলৰ সেনাই হামাছৰ আত্মগোপন স্থানৰ পৰা পণবন্দী দুজনক কোনো লোকচান বা আনকি এটাও আঁচোৰ নোহোৱাকৈ উলিয়াই আনিছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ভিৰ কৰা চহৰখনত কেইবা ডজন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে। উদ্ধাৰ হোৱা দুজন লোকৰ ভিতৰত আছে ফাৰ্নাণ্ডো চাইমন মাৰ্মন (৬০) আৰু লুইছ হাৰ (৭০)। দুয়োৰে ইজৰাইল আৰু আৰ্জেণ্টিনাৰ দ্বৈত নাগৰিকত্ব আছে। টেল আভিভৰ এখন চিকিৎসালয়ত দুয়োৰে স্বাস্থ্য পৰীক্ষা চলি আছে।
দ্য টাইমছ অৱ ইজৰাইলৰ প্ৰতিবেদন অনুসৰি এই শেহতীয়া পৰিঘটনাই ইজৰাইল আৰু হামাছ সন্ত্ৰাসবাদী সংগঠনৰ মাজত অন্যান্য পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত চুক্তিত উপনীত হোৱাৰ প্ৰচেষ্টাত কোনো প্ৰভাৱ পেলাব নোৱাৰে। মঙলবাৰৰ পৰা কায়ৰোত আমেৰিকা, ইজিপ্ত, ইজৰাইল আৰু কাটাৰৰ উচ্চপদস্থ বিষয়াসকলৰ মাজত আলোচনা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি ফ্ৰান্সৰ বৈদেশিক মন্ত্ৰালয়ে জনোৱা মতে, এতিয়ালৈকে ৪২ জন লোকক গাজাৰ পৰা নিৰাপদে উলিয়াই অনা হৈছে। দুজন পণবন্দীক মুকলি কৰি দিয়াত সুখী আমেৰিকা (হোৱাইট হাউছ)। এই অভিযানৰ সময়ত পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ কৰিছে হোৱাইট হাউছে।
হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয় যে ৰাফাহৰ পৰা দুজন পণবন্দীক মুকলি কৰি দিয়াৰ খবৰে আনন্দদায়ক। এতিয়া আমাৰ মূল লক্ষ্য বাকী ১৩৪ জন পণবন্দীক মুকলি কৰি দিয়া। আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেট মিলাৰে কয় যে পণবন্দীসকলক মুক্ত কৰাৰ বাবে অভিযান চলোৱাৰ “অধিকাৰ” ইজৰাইলৰ আছে। ইফালে বেইৰুটৰ হামাছৰ নেতা ওছামা হামদানে কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত ইজৰাইল গুৰুত্বপূৰ্ণ নহয়।
