গুৱাহাটী, ১২ ফেব্ৰুৱাৰী : পঞ্চদশ অসম বিধানসভাত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ চতুৰ্থখন পূৰ্ণাংগ বাজেট আজি সোমবাৰে সদনত উপস্থাপন কৰা হয়। ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী হিচাপে অজন্তা নেওগে ২০২৪-২৫ বৰ্ষৰ বাবে ৭৭৪.৪৭ কোটি টকাৰ ঘাটি বাজেট দাখিল কৰে। বাজেটখনত শিক্ষা, চিকিৎসা, কৃষি, উদ্যোগ, পৰ্যটনৰ বিকাশ, দক্ষতা বিকাশ, আৱকাৰী সংস্কাৰ, কৰ সংস্কাৰ, সাংস্কৃতিক পৰিচয় অন্বেষণ, সত্ৰ সংৰক্ষণ, পুণ্য তীৰ্থ যোজনাঃ অযোধ্যালৈ তীৰ্থযাত্ৰা, ঐতিহ্য ৰক্ষা, সেউজ পৰিৱহন, নবীকৰণযোগ্য শক্তি, সৌৰশক্তিৰ ব্যৱস্থা, চাহ জনজাতি কল্যাণ, খেল মহাৰণ আৰু যুৱ সংঘ, অসম আৰক্ষীত অগ্নিবীৰৰ বাবে সংৰক্ষণ, কণী গাখীৰ আৰু মাছ উতপাদনত আত্মনিৰ্ভৰশীলতা, ক্ষুদ্ৰ চাহ খেতিয়কক উদগণি, কৃষি যান্ত্ৰিখীকৰণ, ঘৰৰ চাদত সৌৰশক্তিকৰণ, অমৃত-গুৱাহাটী সংহত গোলকীয় মহানগৰ, থলুৱা মীন খণ্ডৰ উন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ, হস্ততাঁত, কৃষি আয়কৰ ওপৰত কৰ ৰেহাই, চৰকাৰী কৰ্মচাৰীলৈ আপোন ঘৰ, আপোন বাহন প্ৰস্তাৱ, সেউজ শক্তিৰ ওপৰত বিদ্যুত শুল্ক ৰেহাই, ৰাজহ বিভাগৰ ধন প্ৰদানৰ ডিজিটাইজ ব্যৱস্থাকে ধৰি বিভিন্ন উন্নয়নমূলক পৰিকল্পনা উপস্থাপিত কৰা হৈছে।
অসমৰ প্ৰথম গৰাকী মহিলা বিত্ত মন্ত্ৰী হিচাপে অজন্তা নেওগে ৰাজ্যিক বিধানসভাত উপস্থাপন কৰা ২০২৪-২৫ বৰ্ষৰ বাজেট অনুসৰি বছৰটোত মূঠ আয় হ’ব ২,৯০,১৫৫.৬৫ কোটি টকা। ইয়াৰে বিভিন্ন উৎসৰ পৰা ৰাজহ শিতানত ১,১১,৯৪৩.৮৪ কোটি টকা আৰু মুলধন শিতানত ৩১,৬৬১.৭৩ কোটি টকাসহ একত্ৰীকৃত নিধিত ১,৪৩,৬০৫.৫৬ কোটি জমা হ’ব। একেদৰে ৰাজহুৱা শিতানত ১,৪৪,৫৫০.০৮ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০০ কোটি টকা যোগ হোৱাৰ পাছত বছৰটোত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ’ব ২,৯০,১৫৫.৬৫ কোটি টকা।
আনহাতে ২০২৪-২৫ বৰ্ষত মুঠ ২,৮৮,৫৬০.৭১ কোটি টকা আনুমানিক ব্যয় হোৱাৰ অনুমান কৰা হৈছে। ইয়াৰ ভিতৰত ৰাজহ শিতানত ১,১০,০৯১.৮৬ কোটি টকা আৰু মুলধন শিতানত ৩৩,৭৯৭.৭৬ কোটি টকাসহ মুঠ একত্ৰীকৃত নিধিৰ পৰা সৰ্বমুঠ ১,৪৩,৮৯০.৬২ কোটি টকা ব্যয়ৰ পৰিমাণ ধাৰ্য কৰা হৈছে। ইয়াৰ লগতে ৰাজহুৱা শিতানত হোৱা ব্যয় ১,৪২,৬৭০.০৯ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০০ কোটি টকাৰে বছৰটোক সৰ্বমুঠ প্ৰাককলিত ব্যয়ৰ পৰিমাণ হ’বগৈ ২,৮৮,৫৬০.৭১ কোটি টকা। এইদৰে বছৰটোত হোৱা প্ৰাককলিত লেনদেনৰ বাবদ আনুমানিক ১,৫৯৪.৯৪ কোটি টকা ৰাহি হ’ব যদিও বছৰটোৰ আৰম্ভনিতে ঘাটি থকা ২,৩৬৯.৪১ কোটি টকাৰ হিচাপ মিলালে ২০২৪-২৫ বৰ্ষৰ শেষলৈ বাজেটৰ ঘাটিৰ পৰিমাণ ৭৭৪.৪৭ কোটি টকা হ’বগৈ।
