বাক্সা, ০৯ ফেব্ৰুৱাৰী : বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত অহা ১৬ , ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব বড়োলেণ্ড আন্তর্জাতিক বন্যপ্রাণী সন্মিলন। আজি মানাহৰ বাঁহবাৰী ৰেঞ্জৰ পৰিদৰ্শন বঙলাত এই কথা জনালে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস আৰু বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে।
বিটিআৰৰ পৰ্যটন ক্ষেত্ৰখনক কেনেদৰে আগুৱাই নিব পাৰিব আৰু বন্যপ্রাণীক কেনেদৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব পাৰিব সেই সমূহ বিষয় আলোচনা কৰা হ’ব বড়োলেণ্ড আন্তর্জাতিক বন্যপ্রাণী সন্মিলনত। এই অনুষ্ঠানত পৃথিৱীৰ বিভিন্ন দেশৰ পৰ্যটন আৰু বন্যপ্ৰাণী বিষয়ৰ ওপৰত জ্ঞান থকা অভিজ্ঞতা সম্পন্ন ব্যক্তি সকলে অংশগ্রহণ কৰিব। আজি কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস আৰু ৰঞ্জিত বসুমতাৰীক মানাহ বন বিভাগৰ লোকসকলৰ লগতে কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে সংগ দিয়া পৰিলক্ষিত হয়।
