নতুন দিল্লী, ০৯ ফেব্ৰুৱাৰী : ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই আজি (শুকুৰবাৰে) বিয়লি ৪.৩০ বজাত ৰাষ্ট্ৰীয় ৰাজধানীৰ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত দুদিনীয়া ‘সুশাসন মহোৎসৱ ২০২৪’ উদ্বোধন কৰিব। এই তথ্য (সংক্ষিপ্ত আৰু সচিত্ৰ) বিজেপিয়ে ইয়াৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। ‘সুশাসন মহোৎসৱ ২০২৪’ৰ আয়োজন কৰিছে ৰামভৌ ম্হালগী প্ৰবোধিনীয়ে।
এই সন্দৰ্ভত ‘সুশাসন মহোৎসৱ ২০২৪’ৰ অফিচিয়েল মিডিয়া পাৰ্টনাৰ টিভি ৯ ভাৰতবৰ্ষৰ মতে, মোডী চৰকাৰৰ কাৰ্যকালৰ যোৱা দহ বছৰৰ সুশাসনক এই অনুষ্ঠানত বিশেষভাৱে আলোকপাত কৰা হ’ব। এই মহোৎসৱৰ উদ্দেশ্য হৈছে মোডী চৰকাৰৰ কাৰ্যকালত সকলো খণ্ডতে উন্নয়নমূলক কাম আৰু সুশাসনৰ মূল বিন্দুসমূহ দেশৰ সন্মুখত উপস্থাপন কৰা। কেন্দ্রীয় মন্ত্রী, বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্রী আৰু বিজেপিৰ ৰাষ্ট্রীয় নেতাসকলে অংশ ল’ব এই চেৰিটেবল ট্ৰাষ্ট ৰামভৌ ম্হালগী প্ৰবোধিনীৰ উৎসৱত। ইয়াত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনৱীছ, কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় মন্ত্ৰী মনছুখ মাণ্ডবিয়া, কেন্দ্ৰীয় মন্ত্ৰী টেমজেন ইমনা আলং, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, ভাৰতীয় জনতা যুৱমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্যক অন্তৰ্ভুক্ত কৰা হৈছে।
মহোৎসৱৰ অফিচিয়েল মিডিয়া পাৰ্টনাৰৰ মতে, অহা ৯ ফেব্ৰুৱাৰীৰ প্ৰথম দিনটোত বিয়লি প্ৰায় ৪ বজাৰ পৰা আৰম্ভ হ’ব এই মহোৎসৱ। নিশা ৮:৩০ বজাত কেইবাটাও অধিবেশনত সম্পূৰ্ণ হ’ব। প্ৰতিটো অধিবেশন আধা ঘণ্টাৰ হ’ব। উদ্বোধনী অধিৱেশনত বিশিষ্টভাৱে অংশগ্ৰহণ কৰিব জে পি নড্ডা, দেৱেন্দ্ৰ ফাদনৱীছ, ৰামভৌ ম্হালগী প্ৰবোধিনীৰ উপ সভাপতি বিনয় সহস্ৰবুদ্ধে, আৰু পুনাৱালা ফিনকোপৰ পৰিচালন সঞ্চালক অভয় ভূতাড়াই।
পিছদিনা শনিবাৰে পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা সুশাসন মহোৎসৱ সন্ধিয়া ৬ বজালৈ চলিব। পুৱা ১০:৩০ বজাৰ পৰা ১১:১৫ বজালৈ অনুষ্ঠিত হোৱা অধিবেশনত নিটি আয়োগৰ চিইঅ’ বিভিআৰ সুব্ৰমণিয়ামে নিজৰ মতামত দাঙি ধৰিব আৰু পুৱা ১১.১৫ বজাৰ পৰা ১২.১৫ বজালৈ অধিবেশনত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিজৰ মতামত দাঙি ধৰিব। দিনৰ ১২:১৫ বজাৰ পৰা ১ বজালৈ বিভিন্ন ষ্টলৰ মাজত মত বিনিময়ৰ বাবে ৰখা হৈছে অধিবেশন। ইয়াৰ পৰৱর্তী অধিৱেশনসমূহত বিশিষ্টভাৱে টেমজেন ইমনা ওমাং, বিনয় সহস্ৰবুদ্ধে, যোগী আদিত্যনাথ আৰু জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকিব ৷
