নগাঁও, ০৮ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ ৰহাৰ চাপৰমুখত ড্ৰাগছৰ বিৰুদ্ধে চাপৰমুখ আৰক্ষীৰ অভিযান অব্যাহত আছে। বুধবাৰে নিশা চাপৰমুখ আৰক্ষীয়ে গোমন সূত্ৰৰ ভিত্তিত অভিযান চলাই ১৭টা চাবোনৰ বাকচভৰ্তি হেৰ’ইনসহ ছয়টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন ছয় ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হৈছে ক্ৰমেল তাইজু ইছলাম, ইক্ৰামুল হুছেইন, আতাবুৰ ৰহমান, নুৰুল হক, নুৰ ইছলাম আৰু ছাহেদ আলী। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী কেইটাই ডিমাপুৰৰ পৰা ৰে’লৰে ড্ৰাগছখিনি সৰবৰাহ কৰিছিল আৰু চাপৰমুখ ৰে’ল জংচনত নামি এখন অ’টৰে যাবলৈ লওঁতেই চাপৰমুখ আৰক্ষী চকীৰ আৰক্ষীয়ে আটাইকেইটা সৰবৰাহকাৰীক হাতে লোটে ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ ঘৰ বটদ্ৰৱা, মৈৰাবাৰী আৰু মিকিৰভেটাত বুলি কোৱা হৈছে।
