নতুন দিল্লী, ০৬ ফেব্ৰুৱাৰী। আজি ৰাজ্যসভাৰ শূণ্যকালীন ঘন্টাত আহাৰ অপচয়ৰ দৰে এক সংবেদনশীল বিষয়ক লৈ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে অসমৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । সংস্কৃত শ্লোকেৰে সাংসদগৰাকীয়ে নিজৰ ভাষণ আৰম্ভ কৰি কয় যে আমাৰ দেশত প্ৰতি বছৰে বিভিন্ন কাৰণত প্ৰায় ৬.৮৭ কোটি টন আহাৰ অপচয় হয় অৰ্থাৎ প্ৰতিগৰাকী নাগৰিকে প্ৰতি বছৰে প্ৰায় ৫০ কিলোগ্ৰাম আহাৰ অপচয় কৰে।
আপাতত ভাৰতবৰ্ষত প্ৰতি বছৰে অপচয় হোৱা আহাৰৰ বাবদ প্ৰায় ৮৯,০০০ কোটি টকা অপচয় হয় যিটো আমাৰ দেশৰ বাৰ্ষিক জিডিপি -ৰ প্ৰায় ১ শতাংশ বুলিও সাংসদগৰাকীয়ে ইউ এন ডি পি-ৰ খাদ্য অপচয় সূচাংক ৰিপ’ৰ্টৰ উদ্ধৃতি দি উল্লেখ কৰে। সাংসদগৰাকীয়ে পুনৰ কয় যে ভাৰতীয় সাংস্কৃতিক পৰম্পৰা অনুসৰি আহাৰ গ্ৰহণ কৰাটো এক মহত্বপূৰ্ণ সংস্কাৰ। আজি সদনত সাংসদগৰাকীয়ে খাদ্য অপচয় হ্ৰাস কৰাৰ অৰ্থে বিদ্যালয় পৰ্যায়ত সৰ্বজনীন সজাগতা সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰে। উল্লেখ্য যে সাংসদগৰাকীয়ে উত্থাপন কৰা এই সংবেদনশীল বিষয়টোক দহগৰাকীৰো অধিক সাংসদে লিখিতভাৱে সমৰ্থন জনায়।
