সিদ্ধাৰ্থ আনন্দৰ ভাৰতৰ সৰ্ববৃহৎ আকাশী একচন নাটক ‘ফাইটাৰ’ছবিখনে দৰ্শকক দেশপ্ৰেমৰ জোৱাৰত বুৰাই পেলাইছে। একচন, থ্ৰিলাৰ আৰু এটা আকৰ্ষণীয় কাহিনীৰে ভৰা ছবিখনে দৰ্শকৰ পৰা আচৰিত ধৰণৰ সমালোচনা লাভ কৰিছে। বক্স অফিচত নিজৰ দখল বজাই ৰাখি বিশ্বজুৰি ৩০২ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ছবিখনে।
বিশ্বব্যাপী বক্স অফিচত ৩০২ কোটি টকাৰ পৰিসংখ্যা অতিক্ৰম কৰাৰ পাছত ‘ফাইটাৰ’ ধাৰাবাহিকভাৱে উচ্চ উৰণত উঠিছে। ভাৰতত ২১৭ কোটি টকাৰ মুঠ সংগ্ৰহ অতিক্ৰম কৰাৰ লগতে বিদেশৰ বক্স অফিচতো ৮৫ কোটি টকাৰ মুঠ সংগ্ৰহ অতিক্ৰম কৰিছে ছবিখনে।
