–৭৫খন পতাকা উত্তোলন, লাইখুঁটা স্থাপন
কামৰূপ, ০৪ ফেব্ৰুৱাৰী : বৃহত্তৰ বকো অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ আজি (দেওবাৰে) আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰতিষ্ঠাৰ ৭৫ সংখ্যাক বৰ্ষপুৰ্ত্তি উপলক্ষে আয়োজিত হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথম কাৰ্যসূচী হিচাপে ৭৫খন পতাকা উত্তোলন কৰা হয়। মুল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা বকো সমষ্টিৰ প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসে। আন ৭৪খন পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিসকলে।
কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰয়াত বিশিষ্ট শিক্ষাবিদ, সত্ৰাধিকাৰ অচ্যুৎ কান্ত অধিকাৰীৰ আৱক্ষ মূৰ্ত্তি স্থাপন কৰা হয়। পৰিয়ালৰ সহযোগিতাত স্থাপন কৰা আৱক্ষ মূৰ্ত্তি উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন গাণনিক বিষয়া ধীৰেন চন্দ্ৰ ৰাভাই। লাইখুঁটা স্থাপন কৰে বকো ৰাজহ চক্ৰৰ বিষয়া দিৱস বৰদলৈয়ে। বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি পৰি অহা ১৫, ১৬ আৰু ১৭ নৱেম্বৰত। উদযাপন সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসে জনাইছে যে বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বকো উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠান।
