হৃতিক ৰোশন আৰু দীপিকা পাডুকনৰ আকাশী একচন ছবি ‘ফাইটাৰ’ ২৫ জানুৱাৰীত মুক্তি পোৱাৰ পিছত প্ৰথম সপ্তাহতে ১০০ কোটি টকা সংগ্ৰহ কৰে। ইয়াৰ পিছত ছবিখনৰ উপাৰ্জন হ্ৰাস পালে যদিও দ্বিতীয় শনিবাৰে ছবিখনে পুনৰ বক্স অফিচত বিপুল উপাৰ্জন কৰে।
সিদ্ধাৰ্থ আনন্দৰ পৰিচালিত ছবি ‘ফাইটাৰ’ছবিয়ে প্ৰথম শনিবাৰৰ তুলনাত দ্বিতীয় শনিবাৰে বিপুল উপাৰ্জন কৰে। দ্বিতীয় শনিবাৰে সংগ্ৰহ কৰা হয় ১০.৫ কোটি টকা। শুকুৰবাৰে ছবিখনে ৫.৭৫ কোটি টকা উপাৰ্জন কৰে। ‘ফাইটাৰ’য়ে এই পৰ্যন্ত ভাৰতত মুঠ ১৬২.৭৫ কোটি টকা সংগ্ৰহ কৰিছে। বিশ্ব পৰ্যায়ৰ কথা ক’বলৈ গ’লে শীঘ্ৰে ৩০০ কোটি টকাৰ সীমা স্পৰ্শ কৰিবলৈ সাজু হৈছে ‘ফাইটাৰ’। হৃতিক আৰু দীপিকাৰ এই ছবিখনে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। এই ছবিখন হৃতিক ৰোশনৰ কেৰিয়াৰৰ অন্যতম ডাঙৰ ছবি হিচাপে পৰিগণিত হৈছে।
ভাৰতীয় বায়ুসেনাৰ সাহসী জোৱানসকলৰ জীৱনৰ ওপৰত আধাৰিত ‘ফাইটাৰ’ ছবিখনৰ কাহিনী। পুলৱামা আক্ৰমণ আৰু বালাকোট আক্ৰমণৰ পটভূমিত নিৰ্মিত ছবিখন। এই ছবিখনত হৃতিকক স্কোয়াড্ৰন লিডাৰ শ্বমশ্বেৰ পাথানিয়াৰ চৰিত্ৰত আৰু দীপিকাক মীনাল ৰাথোৰৰ চৰিত্ৰত দেখা গৈছে। লগতে অনিল কাপুৰক কেপ্তেইন ৰাকেশ জয়সিংহৰ চৰিত্ৰত দেখা গৈছে।
