বৰপেটা, ০২ ফেব্ৰুৱাৰী (হি.স.)। ৰেল বিভাগৰ ভুমি বেদখল কৰা দোকানৰ মালিকলৈ আহিল উচ্ছেদৰ জাননী । এইবাৰ ৰেল বিভাগে জাননী জাৰি কৰিলে উচ্ছেদৰ। উক্ত ঘটনাৰ স্থান সৰভোগৰ ২ নং ৱাৰ্ডৰ দৰিদ্ৰ শ্ৰেণীৰ ব্যৱসায়ী সকলে সৰভোগৰ ২ নং ৱাৰ্ডৰ ৰেল বিভাগৰ ভুমিত প্ৰায় বিছ-পচিছ বছৰ জুৰি দোকান পোহাৰ দি জীৱিকা নিৰ্বাহ কৰি আছিল। কিন্তু হঠাতে এইসকল দোকানীলৈ আহিল উচ্ছেদৰ জাননী। সৰভোগৰ দীৰ্ঘদিনীয়া সমস্যা হৈছে উৰনীয়া সেতুৰ যাৰ বাবে ৰেল বিভাগে উচ্ছেদ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । সমস্যাৰ অন্ত পেলাই সৰভোগৰ ৰেল বিভাগৰ ভুমিত নিৰ্মাণ হব উৰনীয়া সেতুৰ কাম।
ইতিমধ্যে উৰনীয়া সেতুৰ কামৰ বাবে ৰেলৰ ভুমিত কিছু দোকান আৰু আন ব্যৱসায়ীক প্ৰতিস্থান ব্যৱসায়ী সকলে নিজে ভঙা পৰিলক্ষিত হৈছে। আন কিছুমানলৈ জাননী নাহিল। উক্ত ঘটনাক কেন্দ্ৰ কৰি ক্ষোভ উজাৰে একাংশ দৰিদ্ৰ ব্যৱসায়ী সকলে। ইপিনে দৰিদ্ৰ ব্যৱসায়ী সকলে মূৰে কপালে হাত দিব লগা হৈছে। চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহাৰ্য্য পোৱা নাই এই সকল দৰিদ্ৰ শ্ৰেণীৰ লোকে । দৰিদ্ৰ ব্যৱসায়ী সকলে চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনায় যাতে তেওলোকক সংস্থাপনৰ কিবা ব্যৱস্থা কৰি দিয়ে।
