নতুন দিল্লী, ০২ ফেব্ৰুৱাৰী : আজি সন্ধিয়া ৰাষ্ট্রীয় ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া ম’বিলিটি গ্ল’বেল এক্সপ’ ২০২৪ত ভাষণ দিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিয়ে ইয়াৰ এক্স হেণ্ডেলত চিত্ৰাংকিত সাৰাংশ তথ্য শ্বেয়াৰ কৰিছে।
বিজেপিৰ তথ্য অনুসৰি, প্ৰগতি ময়দানৰ ভাৰত মাণ্ডপামত বিয়লি ৪.৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত মবিলিটি গ্ল’বেল এক্সপ’ত ভাষণ দিব। খবৰ পোৱা গৈছে যে এয়া ভাৰতৰ সৰ্ববৃহৎ আৰু প্ৰথম পৰিবহণ-সংযোগ প্ৰদৰ্শনী (ইণ্ডিয়া মবিলিটি গ্ল’বেল এক্সপ’ ২০২৪)।
