নতুন দিল্লী, ০২ ফেব্ৰুৱাৰী : আজি (শুকুৰবাৰে) ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সমীপৰ ফৰিদাবাদ (হাৰিয়ানা)ৰ সূৰজকুণ্ড ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। বিয়লি ইয়াত ৩৭ সংখ্যক সুৰজকুণ্ড আন্তঃৰাষ্ট্ৰীয় শিল্প মেলা-২০২৪ উদ্বোধন কৰিব। অহা ১৮ ফেব্ৰুৱাৰীত এই মেলাৰ সামৰণি পৰিব। প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ চলিব এই মেলা। ৪০ খনতকৈও অধিক দেশে এই মেলাত অংশগ্ৰহণ কৰিছে। সৰু-বৰ মঞ্চত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়েও অনুষ্ঠান পৰিৱেশন কৰিব।
হাৰিয়ানা পৰ্যটন বিভাগৰ প্ৰধান সম্পাদক এম ডি সিনহাৰ মতে শুকুৰবাৰে বিয়লি ৩ বজাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মেলা উদ্বোধন কৰিব। বিশেষভাৱে সক্ষম, জ্যেষ্ঠ নাগৰিক, সেৱা আগবঢ়োৱা প্ৰতিৰক্ষা কৰ্মী আৰু প্ৰাক্তন সেনাবাহিনীৰ টিকটত ৫০ শতাংশ ৰেহাইৰ কথা ঘোষণা কৰিছে বিভাগটোৱে। উক্ত উদ্বোধনী অনুষ্ঠানত ৰাজ্যপাল বান্দৰু দত্তত্ৰেয়, মুখ্যমন্ত্ৰী মনোহৰ লাল, ঐতিহ্য আৰু পৰ্যটন মন্ত্ৰী কনোৱাৰ পাল, শক্তি আৰু গধুৰ উদ্যোগ মন্ত্ৰী কৃষ্ণ পাল, পৰিবহণ মন্ত্ৰী মূলচন্দ শৰ্মা আদিয়ে মূলতঃ উপস্থিত থাকিব বুলি উল্লেখ কৰে।
